অসম

assam

ETV Bharat / state

দুৰ্নীতিৰ অভিযোগত পোত গৈছে খোনাৰপাৰ প্ৰাথমিক বিদ্যালয়

গোৱালপাৰা জিলাৰ লক্ষীপুৰত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আজৱ কাণ্ড । বিদ্যালয়খনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 12 গৰাকী ৷ কিন্তু প্ৰধান শিক্ষকৰ দাবী অনুসৰি এই সংখ্যা 62 গৰাকী ৷ তদুপৰি বিভিন্ন দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷

Khonarpar Primary School has been accused of corruption goalpara assam etv bharat news
দুৰ্নীতিৰ অভিযোগত পোত গৈছে খোনাৰপাৰ প্ৰাথমিক বিদ্যালয়

By

Published : Aug 31, 2020, 12:59 PM IST

গোৱালপাৰা,31 আগষ্ট:পশ্চিম গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত খোনাৰপাৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এক আজৱ কাণ্ড ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিদ্যালয়খনত বৰ্তমান অধ্যয়ন কৰি আছে 12 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷ কিন্তু প্ৰধান শিক্ষকগৰাকীৰ দাবী অনুসৰি এই বিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 62 গৰাকী ৷ এই হিচাপকে কাগজে পত্ৰই অন্তৰ্ভূক্ত কৰি প্ৰধান শিক্ষক গৰাকীয়ে দীৰ্ঘদিনে হিচাপ দাখিল কৰি আহিছে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে এনে অভিযোগ দাখিল কৰিছে স্থানীয় লোকসকলে ৷ জিলাখনৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে বছৰ বছৰ ধৰি বিভিন্ন দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিদ্যালয়ৰ নামত অহা চৰকাৰী ধন আত্মসাৎ কৰিবলৈয়ে প্ৰধান শিক্ষক লালচান আলীয়ে এই পন্থা অৱলম্বন কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ কেৱল এয়াই নহয়,মধ্যাহ্ন ভোজনৰ আঁচনিৰ নামতো শিক্ষকগৰাকীয়ে সংঘটিত কৰি আহিছে বিভিন্ন দুৰ্নীতি ৷ আলীয়ে আঁচনিখনৰ অধীনৰ সৰহভাগ চাউল বিক্ৰী কৰি নিম্নতম পৰিমাণৰ চাউলখিনি ছাত্ৰ-ছাত্ৰীৰ বাবে মোকোলাই দিয়ে ৷

বিদ্যালয়ৰ সভাপতিৰ অভিযোগ নসাৎ

ইফালে,বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ নামত আৱণ্টিত ধনো আত্মসাৎ কৰে প্ৰধান শিক্ষকগৰাকীয়ে ৷ তদুপৰি শিক্ষা বিভাগৰ নিৰ্দেশনা আওকাণ কৰি নিজৰ খেয়ালখুচি অনুসৰি আলীয়ে চলাই যায় বিদ্যালয়ৰ পাঠদান ৷ একপ্ৰকাৰ স্বেচ্ছাচাৰিতা নীতিৰে বিদ্যালয়খন চলাই থকা পৰিলক্ষিত হৈছে খোনাৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ৷ সম্প্ৰতি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় দিয়াৰ পৰিৱৰ্তে ধ্বংসহে কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

দুৰ্নীতিৰ অভিযোগত পোত গৈছে খোনাৰপাৰ প্ৰাথমিক বিদ্যালয়

তদুপৰি লালচান আলীয়ে নিজাববীয়াকৈ একাংশ লোকৰ সৈতে মিলি বিদ্যালয় কমিটিখন গঠন কৰে ৷ স্থানীয় ৰাইজে পূৰ্বে কেইবাবাৰো প্ৰধান শিক্ষকগৰাকীক এই বিষয়ে অভিযোগ দিবলৈ বিদ্যালয়খনলৈ গৈছিল যদিও আলীয়ে অশ্লীল গালি-গালাজৰ লগতে মৃত্যুৰ ভাবুকি দিয়ে লোকসকলক ৷ সেয়ে স্থানীয় লোকসকলে শিক্ষামন্ত্ৰীক এনে দুৰ্নীতিৰ সুবিচাৰ কৰি প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে চাওকঃ৬ সপ্তাহৰ ভিতৰত অক্সফ'ৰ্ডে প্ৰস্তুত কৰা COVID-১৯ৰ ভেকচিন লাভৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details