গোৱালপাৰা,১৭ ফেব্ৰুৱাৰী: গোৱালপাৰাবাসীৰ বাবে সু-খবৰ । জিলাখনৰ জলেশ্বৰ সমষ্টিত মুকলি হ'ল 'কস্তুৰবা গান্ধী বালিকা বিদ্যালয়' । সমষ্টিটোৰ গৌৰনগৰত মুকলি হ'ল সম্পূৰ্ণ বিনামূলীয়া আৱাসিক চৰকাৰী বিদ্যালয়খন । লক্ষীপুৰ প্ৰাথমিক শিক্ষা বিষয়া দেবানন বড়োৰ নেতৃত্বত আৰু লক্ষীপুৰৰ বিশিষ্ট সমাজকৰ্মী বিশ্বাস কাশ্যপৰ উপস্থিতত জলেশ্বৰৰ বিধায়ক চাহাব উদ্দিন আহমেদে বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে ।
গোৱালপাৰাত মুকলি 'কস্তুৰবা গান্ধী বালিকা বিদ্যালয়' - গোৱালপাৰাত মুকলি 'কস্তুৰবা গান্ধী বালিকা বিদ্যালয়'
গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিত মুকলি হ'ল 'কস্তুৰবা গান্ধী বালিকা বিদ্যালয়' । জলেশ্বৰৰ বিধায়ক চাহাব উদ্দিন আহমেদে বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে ।
গোৱালপাৰাত মুকলি 'কস্তুৰবা গান্ধী বালিকা বিদ্যালয়'
এতিয়াৰে পৰা অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰীসকলে সম্পূৰ্ণ চৰকাৰী খৰছত লাভ কৰিব পাৰিব বিনামূলীয়া শিক্ষা । বিদ্যালয়খনত ১ মাৰ্চৰ পৰা আৰম্ভ হ'ব নাম ভৰ্তিকৰণ আৰু পাঠদান । ইতিমধ্যে বিদ্যালয়খনৰ বাবে শিক্ষয়িত্ৰীৰ লগতে অন্যান্য কৰ্মচাৰী নিয়োগ কৰা হৈছে ।