অসম

assam

ETV Bharat / state

Jonali Nath Murder case: আমাৰ মা এনেকুৱা নহয়, এইবোৰ মিছা অপযশ- কন্যা - Jonali Nath Murder case in Goalpara

"এতিয়া আমি কেনেকৈ ৰাস্তাত যাম, মানুহৰ আগত মুখ উলিয়াম ? মানুহে দেখিলেই আমাক এগৰাকী চৰিত্ৰহীনা মহিলাৰ কন্যা বুলি ক’ব"- মৃত জোনালী নাথৰ জ্যেষ্ঠ কন্যাই ক্ষোভ প্ৰকাশ কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

Jonali Nath family urge interference of Himanta Biswa Srarma
আমাৰ মা এনেকুৱা নহয়, এইবোৰ মিছা অপযশ- কন্যা

By

Published : Jun 14, 2023, 5:00 PM IST

মৃত জোনালী নাথৰ পৰিয়ালৰ ক্ষোভ

গোৱালপাৰা, 14 জুন :"আমাৰ মাক এবাৰ হত্যা কৰিলেই, কিন্তু আৰক্ষীৰ অপযশে আমাৰ মাক পুনৰ এবাৰ হত্যা কৰিলে ৷ এতিয়া আমাৰ পৰিয়ালটোৰো সুৰক্ষা নাই, কেতিয়া কোনে আহি আমাক মাৰি থৈ যায় ঠিক নাই ৷ মাৰ ওপৰত এইবোৰ মিছা অপযশ জাপিছে, আমাৰ মা এনেকুৱা নহয় ৷ এজন অপৰাধীৰ কথা বিশ্বাস কৰি কেনেকৈ এগৰাকী শিক্ষিত লোকে মাৰ ওপৰত এই অভিযোগ উত্থাপন কৰিছে ৷ এতিয়া আমি কেনেকৈ ৰাস্তাত যাম, মানুহৰ আগত মুখ উলিয়াম ? মানুহে দেখিলেই আমাক এগৰাকী চৰিত্ৰহীনা মহিলাৰ কন্যা বুলি ক’ব ৷" মৃত জোনালী নাথৰ জ্যেষ্ঠ কন্যাই ক্ষোভ প্ৰকাশ কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

জোনালী নাথৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য। বিজেপি কৰ্মী জোনালী নাথৰ হত্যাকাণ্ডৰ পিছতেই এতিয়া ন ন তথ্য পোহৰ লৈ আনিছে পৰিয়ালৰ লোকে। 11 জুনৰ নিশা হত্যাকাণ্ডৰ সংঘটিত হোৱাৰ 24 ঘণ্টা পাৰ নৌহওঁতেই 12 জুনত বিয়লি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে। হত্যাকাৰী হাছানুৰ ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিচত সন্ধিয়া অসম আৰক্ষীৰ চিআইডিৰ আইজিপি দেৱৰাজ উপাধ্যায়ে সংবদামেলযোগে ঘোষণা কৰিছিল যে, জোনালী নাথৰ হত্যাকাণ্ড প্ৰেমজনিত কাৰণ সংঘটিত হৈছিল।

আৰক্ষীৰ ভাষ্য অনুসৰি হত্যাকাৰী হাছানুৰ ইছলামৰ লগত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল বিজেপি নেত্ৰী জোনালী নাথৰ। আইজিপি গৰাকীৰ সংবদামেলৰ পিচতেই পৰিয়ালৰ লোকে এক প্ৰকাৰ খঙত অগ্নিগৰ্ভা হৈ পৰিছে। আইজিপি গৰাকীৰ সংবাদমেলত মুঠেই সন্তুষ্ট নহয় ভুক্তভোগী পৰিয়ালৰ লোক। জোনালী নাথক এবাৰ হত্যাকাৰীয়ে হত্যা কৰিলে কিন্তু মৃত্যুৰ পিচত পুনৰ জোনালীৰ লগতে পৰিয়ালটোক আৰক্ষীয়ে আন এবাৰ হত্যা কৰে বুলি ক্ষোভ উজাৰে পৰিয়ালৰ লোকে ৷

জোনালী নাথৰ জ্যেষ্ঠ কন্য়াই লগতে অভিযোগ কৰে যে, আৰক্ষী প্ৰশাসনৰ লোকে হত্যাকাৰী হাছানুৰ ইছলামৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দি জোনালী নাথৰ হত্যাক প্ৰেমৰ সম্পৰ্ক ৰূপ দিবলৈ চেষ্টা কৰিছে।

আইজিপিৰ সংবাদ মেলৰ অভিযোগ নস্যাৎ কৰি পৰিয়ালৰ লোকে ইতিমধ্যে আইজিপিগৰাকীৰ বিৰুদ্ধে মাটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। শেহতীয়াকৈ হত্যাকাৰী হাছানুৰ ইছলামৰ বাসগৃহৰ পিচফালৰ পৰা জোনালী নাথৰ বেগ আৰু মোবাইল ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে।

ইফালে ঘৰখনৰ একমাত্ৰ উপৰ্জনকাৰী জোনালী নাথৰ মৃত্যুৰ পিচতে ঘৰখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এতিয়া দুই কন্যাৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে জোনালীৰ স্বামীয়ে ৷ লগতে জোনালী নাথৰ মৃত্যুৰ তদন্তৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালৰ লোকে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া পৰিয়ালটোৰ শেষ ভৰসাৰ থল বুলি সদৰী কৰে জোনালী নাথৰ স্বামীয়ে ৷ অচিৰেই জোনালী নাথৰ চৰিত্ৰস্খলনৰ অপচেষ্টা বন্ধ কৰি ঘটনাৰ সঠিক তদন্ত কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া স্বামীয়ে ৷ ইয়াৰোপৰি দুয়োগৰাকী কন্যাৰ শিক্ষাৰ খৰচ বহন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰিছে মৃত জোনালীৰ স্বামীয়ে ৷

লগতে পঢ়ক:Jonali Nath Murder case: ধৰ্ষণ কৰা নাছিল জোনালী নাথক- ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details