গোৱালপাৰা, ২৬ আগষ্ট :গোৱালপাৰাত পুনৰ আন এটা জেহাদী গ্ৰেপ্তাৰ (Jihadi arrested in Goalpara Assam) । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মুফটি হাফিজুল ৰহমান নামৰ জেহাদীটোক । উল্লেখ্য, হাফিজুল ৰহমানক ইতিমধ্যে আৰক্ষীয়ে সোধা-পোছাৰ কাৰণে আটক কৰিছিল । সোধা-পোছাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰে জিলাখনৰ চতুৰ্থজন জেহাদীক । গ্ৰেপ্তাৰ হোৱা জেহাদীটো বঙাইগাঁও জিলাৰ কাবাইটাৰী মাদ্ৰাছাৰ শিক্ষক আছিল ।
উল্লেখ্য, ৰাজ্যখনত মৌলবাদীৰ উত্থানক লৈ শংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ (Assam Government concern about jihadi) । শেহতীয়াকৈ ৰাজ্যত বিগত ৫ মাহত জেহাদীৰ ৫ টাকৈ ‘মডিউল' উৎখাত হোৱা ঘটনাই ভয়াৱহ ইংগিত বহন কৰিছে । লক্ষণীয় বিষয় যে জেহাদীৰ পাঁচটা মডিউলৰ ভিতৰত (5 module of jihadi) মৰিগাঁৱৰ মৈৰাবাৰীৰ মুফটি মোস্তাফা আছিল অন্যতম । আল-কায়দাৰ ভাৰত উপ-মহাদেশৰ সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিয়ে (Ansarullah Bangla Team) ধৃত মোস্তাফাক অসমত বিশেষজ্ঞ হিচাবে ব্যৱহাৰ কৰিছিল ।
আনহাতে, আগষ্টৰ প্ৰথম সপ্তাহত অসমত ভয়াৱহ ৰূপত খোপনি পোতা মৌলবাদী শক্তিসমূহক (Jihadi activities in Assam) উৎখাত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ শান্তিপ্ৰিয় মুছলমানসকলৰ সহযোগিতা কামনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মৌলবাদী শক্তিসমূহৰ তৎপৰতা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কেতবোৰ ভয়াৱহ তথ্য সদৰী কৰে (Assam Becoming Hotbed of Jihadi Activities)।
তেওঁ কয় যে বিগত পাঁচ মাহত অসম আৰক্ষীয়ে ভাৰত উপ-মহাদেশত আল কায়দাৰে সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ পাঁচটা মডিউল উৎখাত কৰিবলৈ সক্ষম হৈছে । এবিটিৰ ৫ টা জেহাদী মডিউলৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় ২৯ জন এবিটি সদস্যক গ্ৰেপ্তাৰ কৰা বুলিও উল্লেখ কৰে ।
আনহাতে, আৰক্ষীয়ে বৰপেটা, বঙাইগাঁও আৰু মৰিগাঁৱৰ শ্লিপাৰ চেলসমূহ ধ্বংস কৰি সংগঠনটোত যোগদান কৰিবলৈ যুৱক-যুৱতীসকলক উদ্দেশ্যি ব্যৱহাৰ কৰা উচটনিমূলক জেহাদী কিতাপ উদ্ধাৰ কৰাৰ কথাও সংবাদমেলত তেওঁ উল্লেখ কৰে । ইয়াৰ উপৰি আৰক্ষীয়ে জেহাদীসকলে যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হাই-এণ্ড ইলেক্ট্ৰনিক যন্ত্ৰও উদ্ধাৰ কৰে । শেহতীয়াকৈ অসম আৰক্ষীৰ অনুসন্ধানত বাংলাদেশৰ নিষিদ্ধঘোষিত জেহাদী সংগঠন এবিটিকে ধৰি বাংলাদেশত সক্ৰিয় কেইবাটাও জেহাদী গোটে অসমত শ্লিপাৰ চেল গঢ়াৰ প্ৰয়াস অব্যাহত ৰখাৰ বিষয়টো পোহৰলৈ আহিছে (CM Himanta Biswa after police bust sleeper cells) ।
অসমত জেহাদীৰ ইতিহাস সন্দৰ্ভত তেওঁ কয় যে অসমত ১৯৯৯ চনত প্ৰথম জেহাদীৰ শুংসূত্ৰ পোৱা গৈছিল আৰু হৰকত উল মুজাহিদিন নামৰ সংগঠনটো উৎখাত কৰা হৈছিল । ইয়াৰ পাচত ২০০৩-০৪ চনত হৰকত উল জেহাদ আল ইছলামিক আৰু ২০১১-১৬ চনত জামাতুল মুজাহিদিন বাংলাদেশৰ বিৰুদ্ধে অভিযান চলিছিল । শেহতীয়াকৈ বিগত মাৰ্চ মাহৰ পৰা অসম আৰক্ষীয়ে জেহাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসম আৰক্ষীৰ আলমত অন্য ৰাজ্যত জেহাদীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে ।
উল্লেখ্য, সকলো মুছলমান লোক জেহাদৰ পক্ষত নাই বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই তথ্য কোনো হিন্দু লোকে দিব নোৱাৰে । তেওঁ শান্তিপ্ৰিয় মুছলমান লোকসকলক স্থানীয় কোনো মছজিদত কোনো অচিনাক্ত লোকক ইমাম হিচাপে দেখা পালে লগে লগে আৰক্ষীক খবৰ দিয়াৰ বাবেও আহ্বান জনায় । সেইদৰে কৌমি মাদ্ৰাছাসমূহত কি শিক্ষা দিয়া হয় তাৰ খবৰ ৰখাৰ লগতে শিক্ষক হিচাপে কোনো অচিনাক্ত লোক দেখা পালে আৰক্ষীক খবৰ দিয়াৰ বাবেও আহ্বান জনায় ।
ইতিমধ্যে অসম চৰকাৰে ৮০০ চৰকাৰী মাদ্ৰাছা বন্ধ কৰি দিছে যদিও কৌমি মাদ্ৰাছা চলি আছে বুলি তেওঁ কয় । তেওঁ কয় যে এতিয়াৰে পৰা সকলো মাদ্ৰাছাৰ ওপৰতে আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিব । লগতে বাহিৰৰ পৰা অহা ইমামসকলৰ ওপৰতো দৃষ্টি ৰখা হ’ব । তেওঁ শংকা ব্যক্ত কৰি কয় যে অসমত মৌলবাদী সক্ৰিয় হৈ আছে । তেওঁলোকে মানৱ বোমা তৈয়াৰ কৰাৰ কামত নিয়োজিত হৈ আছে । যিটো ৰাজ্য তথা দেশৰ বাবে অতিকৈ ভয়াৱহ । মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ৮০০ কৌমি মাদ্ৰাছা আৰু ৫০০ হাফিজীয়া মাদ্ৰাছা আছে ।
লগতে পঢ়ক :Ansarullah Bangla Team: শিক্ষিত যুৱকক টাৰ্গেট কৰি সাম্ৰাজ্য বিস্তাৰৰ ভয়াৱহ পৰিকল্পনা আনছাৰুল্লাহ বাংলা টীমৰ