গোৱালপাৰা, 4 আগষ্ট : গোৱালপাৰাৰ শ্ৰী সূৰ্যগিৰিৰ দশভূজ গাঁৱত বুধবাৰে মুছলমান সম্প্ৰদায়ৰ লোকৰ তৎপৰতাত সৎকাৰ কৰা হ’ল এগৰাকী হিন্দু মহিলাৰ মৃতদেহ । মৃতদেহ সৎকাৰৰ লগতে পৰিয়ালক মৃতকৰ কৰ্মৰ বাবে ধনো আগবঢ়ালে মুছলমান যুৱকসকলে । গাঁওখনৰ ধনমণি বানাই নামৰ মহিলা গৰাকীক সমাজে বহু দিন পূৰ্বেই এঘৰীয়া কৰিছিল ।
বুধবাৰে পুৱতি নিশা এই মহিলাগৰাকীৰ মৃত্যু হয় ৷ তেওঁৰ সৎকাৰৰ বাবে কোনো ওলাই নহাত পৰিয়ালৰ লোক বিপাঙত পৰে । পিছত গাঁৱৰ মুছলমান যুৱক সকলে পৰিয়ালটোৰ কাষত উপস্থিত হৈ অনুমতি সাপেক্ষে সৎকাৰৰ আগ্ৰহ প্ৰকাশ কৰে ।
ইছলামধৰ্মীয় লোকে সৎকাৰ কৰিলে সমাজ বৰ্জিত হিন্দু মহিলাৰ মৃতদেহ মুছলমান যুৱকসকলে সৎকাৰৰ বাবে আগবাঢ়ি অহা দেখি নিজৰ সন্মান বচাবলৈ হিন্দু সমাজখনো আগবাঢ়ি আহি পৰিয়ালটো প্ৰায়চিত্ত হ’ব লাগিব বুলি উল্লেখ কৰে । পিছত অতি দৰিদ্ৰ পৰিয়ালটোক গাঁওখনৰ মুছলমান যুৱকসকলে প্ৰায়চিত্তৰ ধনৰ লগতে সৎকাৰৰ বাবে খৰি আৰু আন আন সমগ্ৰী যোগান ধৰে ৷ বিয়লি তিনি বজাত হিন্দু-মুছলমান একেলগ হৈ মহিলা গৰাকীৰ মৃতদেহ সৎকাৰ কৰে ।
একমাত্ৰ সমাজৰ কঠোৰ নিয়মৰ বাবেই সৎকাৰৰ অভাৱত 12 ঘণ্টা সময় মহিলা গৰাকীৰ মৃতদেহ পৰি ৰয় । ইফালে পূৰ্বৰে পৰাই শ্ৰী সূৰ্যাগিৰিৰ দশভূজ গাঁৱত হিন্দু-মুছলমান লোকসকলে মিলা-প্ৰীতিৰে বসবাস কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি আহিছে ।
লগতে পঢ়ক:বকোত শিক্ষা আৰু কৰ্ম জীৱন সম্পৰ্কত সজাগত সভা