অসম

assam

ETV Bharat / state

পশ্চিম গোৱালপাৰাৰ পথাৰত ব্যস্ততা নাই হালোৱা-ৰোৱনীৰ - নাৰাঙ্গাবাৰী আঁচনি

খৰাং বতৰৰ বাবে উদং হৈ পৰি ৰৈছে পশ্চিম গোৱালপাৰাৰ বহু পথাৰ, অঞ্চলটোত জলসিঞ্চনৰ আঁচনি আছে যদিও বিকল হৈ পৰি ৰৈছে আঁচনিসমূহ । যাৰ বাবে খেতিৰ পৰা বিৰত থাকিবলগীয়া হৈছে খেতিয়কসকলে

পশ্চিম গোৱালপাৰাৰ পথাৰত ব্যস্ততা নাই হালোৱা-ৰোৱনীৰ

By

Published : Jun 21, 2019, 8:55 PM IST

গোৱালপাৰা,২১জুন : এয়া আহাৰ মাহ । পথাৰে-পথাৰে ব্যস্ত হৈ পৰিছে হালোৱা-ৰোৱনী । কিন্তু পশ্চিম গোৱালপাৰাৰ পথাৰত খেতিয়কসকলৰ নাই কোনো ব্যস্ততা ।

পশ্চিম গোৱালপাৰাৰ পথাৰত ব্যস্ততা নাই হালোৱা-ৰোৱনীৰ

খৰাং বতৰে এতিয়া অন্ধকাৰ নমাই আনিছে পশ্চিম গোৱালপাৰাৰ কৃষকসকলৰ জীৱনলৈ । আহাৰ মাহতো খেতিত ব্যস্ত হ'ব পৰা নাই কৃষকসকল । পথাৰত নাই পানী, যাৰ বাবে উদং হৈ ৰৈছে পশ্চিম গোৱালপাৰাৰ বহু পথাৰ । বিজ্ঞানৰ উত্তৰণৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি চৰকাৰী জলসিঞ্চন বিভাগে অঞ্চলটোত নিৰ্মাণ কৰি উলিয়াইছিল কেবাখনো অভিলাষী আঁচনি । কিন্তু কাৰ্যত তাৰ পৰা উপকৃত নহল কৃষকসকল । পশ্চিম গোৱালপাৰাৰ বগুৱানত আছে দুখনকৈ জলসিঞ্চন আঁচনি। এখন ১ নং বগুৱান জলসিঞ্চন আঁচনি আৰু আনখন নাৰাঙ্গাবাৰী গভীৰ নলী নাদ আঁচনি । দুয়োখন আঁচনি এতিয়া অচল অৱস্থাত । এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগটোৱে । ফলত জীৱন নিৰ্বাহৰ একমাত্ৰ পথ খেতিডৰাত ব্যস্ত হ'বলৈ আকাশলৈ চাই থাকিব লগীয়া হৈছে কৃষকসকল । শীঘ্ৰে জলসিঞ্চন প্ৰকল্প কেইটা উন্নয়নৰ বাবে দাবী কৃষকসকলৰ ।

ABOUT THE AUTHOR

...view details