পশ্চিম গোৱালপাৰা,১ জুলাই : পশ্চিম গোৱালপাৰাৰ বগুৱান ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতিৰ ফলত সমস্যাৰ সন্মুখীন হৈছে শ শ ৰোগী ৷ পুৱা দহ-এঘাৰ বজালৈকে কৰ্মৰত চিকিৎসক ডাঃ ফজলুল কৰিম উপস্থিত নোহোৱাত বোন্দাপৰ দি ৰৈ থাকিব লগা হ'ল ৰোগী সকল ৷
চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতি
পশ্চিম গোৱালপাৰাৰ বগুৱান ৰাজ্যিক চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতি ৷ পুৱা দহ-এঘাৰ বজালৈকে উপস্থিত নহয় কৰ্মৰত চিকিৎসক ৷
উল্লেখ্য যে,দীৰ্ঘদিন ধৰি চিকিৎসক গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ অহাৰ বাবে সোমবাৰে বগুৱান গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী দেৱীয়ে পুৱা ন বজাত চিকিৎসালয়ত উপস্থিত হয়। কিন্তু দহ বজালৈকে চিকিৎসক গৰাকী উপস্থিত নহ'ল ৷ এই সংক্ৰান্তত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ সভানেত্ৰীৰ লগতে স্থানীয় ৰাইজে উৰ্ধতন কতৃপক্ষক দাবী জনাইছে। বৃহত্তৰ বগুৱানৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলৰ একমাত্ৰ চিকিৎসালয় খনত এনেধৰণৰ অৰাজকতা চলি থকাৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।