অসম

assam

ETV Bharat / state

Arunodaya scheme in Goalpara: গোৱালপাৰাত অৰুণোদয়ৰ নামত ৱাৰ্ড কমিছনাৰৰ ধন সংগ্ৰহ

গোৱালপাৰা পৌৰসভাত 'অৰুণোদয়' আঁচনিত ব্যাপক অনিয়ম (Arunodaya in Goalpara Municipality)। প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰী বঞ্চিত কৰি ধনাঢ্য ব্যক্তি বাছনি তালিকাত অন্তৰ্ভুক্ত । ৱাৰ্ড কমিছনাৰক ধন নিদিলে তালিকাৰ পৰা বঞ্চিত কৰে প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীক ।

Allegation of scam in Arunodaya scheme
গোৱালপাৰা পৌৰসভাত অৰুণোদয় আঁচনি

By

Published : May 14, 2023, 1:29 PM IST

গোৱালপাৰা পৌৰসভাত অৰুণোদয় আঁচনি

গোৱালপাৰা, ১৪ মে':গোৱালপাৰা পৌৰসভাত অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation of scam in Arunodaya scheme) । অভিযোগ অনুসৰি প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি ধনাঢ্য ব্যক্তি বাছনি তালিকাত অন্তৰ্ভুক্ত হৈছে । ৱাৰ্ড কমিছনাৰ নাদিৰা বেগমক টকা নিদিলে তালিকাৰ পৰা বঞ্চিত কৰে প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীক ।

অভিযোগ অনুসৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ধনী পৰিয়ালৰ লোকৰ নাম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে । অসম চৰকাৰে দুখীয়া পৰিয়ালৰ বাবে ঘোষণা কৰা অৰুণোদয় আঁচনিৰ বাবে আবেদন জনাইছিল (Allegation against Goalpara ward commissioner)। আবেদনৰ অন্তিম তালিকাত নামো আছে দৰিদ্ৰ হিতাধিকাৰী সকলৰ । কিন্তু ৰহস্যজনকভাৱে ৪ নং ৱাৰ্ডৰ কমিছনাৰ নাদিৰা বেগমে টকাৰ বিনিময়ত একাংশ ধনাঢ্য ব্যক্তিক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি নাম কৰ্তন কৰিলে দুখীয়া, দৰিদ্ৰ হিতাধিকাৰীৰ ।

কেৱল ৱাৰ্ড কমিছনাৰ নাদিৰা বেগমেই নহয়, খোদ পৌৰপতি মহানন্দ পাঠকে একাংশ এজেন্টৰ জৰিয়তে ৱাৰ্ড সমূহত অৰুণোদয়ৰ আঁচনিৰ হিতাধিকাৰী বাছনি কৰাৰ ফলত যোগ্য দুখীয়া-নিচলা পৰিয়ালে এই আঁচনিৰ পৰা বঞ্চিত হবলগীয়া হোৱা বুলিও অভিযোগ উল্লেখ কৰে বঞ্চিত হিতাধিকাৰীয়ে ।বঞ্চিত হিতাধিকাৰী সকলে কয় যে, পৌৰপতি নাদিৰা বেগমে দুখীয়া হিতাধিকাৰীক বাছনি কৰাৰ পৰিৱৰ্তে নিজৰ ভাতৃ-ভগ্নী, বা আন ধনাঢ্য পৰিয়াল, ব্যৱসায়ীৰ পৰিয়ালৰহে নাম বাছনি কৰা হৈছে । আনকি অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰত পূৰণ কৰাৰ নামত টকা দাবী কৰা বুলি আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে হিতাধিকাৰীসকলে । দাবী কৰা টকা আদায় দিব নোৱাৰাৰ বাবেই বহু দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হবলগীয়া হৈছে ।

৪ নং ৱাৰ্ডৰ কমিছনাৰ নাদিৰা বেগমৰ বিৰুদ্ধে বঞ্চিত হিতাধিকাৰীসকলে পৌৰপতি মহানন্দ পাঠক আৰু অতিৰিক্ত জিলা উপায়ুক্ত ৰাকেশ ডেকাক অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াত বঞ্চিত হিতাধিকাৰী সকলে সাংবাদিকৰ কাষ চাপি এই আঁচনিত ব্য়াপক অনিয়মৰ বিৰুদ্ধে উচিত তদন্তৰে ধনী শ্ৰেণীৰ নাম কৰ্তন কৰি প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক:SEBA portal: ১৫ জুনৰ ভিতৰত নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীক ছেবা প’ৰ্টেলত নাম পঞ্জীয়নৰ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details