গোৱালপাৰা, ১ মে':জিলা আইন সেৱা প্ৰাধিকাৰী আৰু মে' দিৱস উদ্যাপন কমিটীৰ সৌজন্যত সোমবাৰে গোৱালপাৰা চহৰৰ হাছিলা বাছ ষ্টেণ্ড চৌহদত শ্ৰমিক দিৱস উদ্যাপন কৰা হয় (International Labour day at Goalpara) । বিভিন্ন কৰ্মক্ষেত্ৰত জীৱন আহুতি দিয়া মেহনতী শ্ৰমিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই পুৱা শ্বহীদ তৰ্পণ কৰে 'চিটু'ৰ জ্যেষ্ঠ কৰ্মী অশ্বিনী চৌধুৰীয়ে । ইয়াৰ পিচতে শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি পুৱা দহ বজাত এখনি ৰাজহুৱা জনসভা অনুষ্ঠিত হয় (May Day observed in Goalpara)।
বামপন্থী নেতা ননী দাসে সভাখনৰ উদ্দেশ্য বাখ্যা কৰি কয় যে মেহনতী শ্ৰমিকৰ মূৰৰ ঘাম মাটিত পৰাৰ পূৰ্বেই তেওঁলোকৰ প্ৰাপ্য আৰু উপযুক্ত মজুৰি আদায় দিব লাগে । কিন্তু যুগ যুগ ধৰি শ্ৰমিকসকলক মালিক পক্ষই শোষণ আৰু বঞ্চনা কৰি আহিছে । শ্ৰমিক জনতাক প্ৰাপ্য আৰু উপযুক্ত মজুৰি আদায় দিয়াৰ বাবে আইন প্ৰণয়ন কৰা হৈছে ।
কিন্তু কাৰ্যতঃ শ্ৰমিক আইন মানি নচলে মালিক পক্ষই । কেবল নিজস্ব লাভৰ স্বাৰ্থত মালিক পক্ষই শ্ৰমিক আইনৰ ধাৰাসমূহ লংঘন কৰি শ্ৰমিকক বঞ্চিত কৰি শোষণ চলায় । চি পি আই'ৰ জ্যেষ্ঠ কৰ্মী শৈলেন দাসে সভাপতিত্ব কৰা সভাখনৰ মুখ্য বক্তা হিচাপে বক্তৃতা দিয়ে গোৱালপাৰা জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব তথা ন্যায়াধীশ উজ্বল বৰাই ।
জিলাখনৰ লগতে বিশ্বৰ শ্ৰমিকসকলক শুভেচ্ছা জনাই তেওঁ কয়, ‘‘প্ৰত্যক শ্ৰমিকে যাতে ন্যায় পায় সেয়া সুনিশ্চিত কৰাৰ দায়িত্ব আমাৰ । আমাৰ মুখ্য উদ্দেশ্য হৈছে শ্ৰমিকসকলৰ কাৰণে যিবোৰ আইন প্ৰণয়ন কৰা হৈছে সেই আইনসমূহৰ বিষয়ে শ্ৰমিকলক সজাগ আৰু সচেতন কৰা ৷ আইনসমূহৰ সুবিধা লৈ শ্ৰমিকসকলে শক্তিশালী হ'লেহে দেশ আগবঢ়িব বুলি তেওঁ উল্লেখ কৰে ।’’