অসম

assam

ETV Bharat / state

বৰ্তমান সময়ত ভাৰতত শিক্ষাৰ্থীৰ বাবে স্বৰ্ণিল কাল চলি আছে : অশোক সিংহাল - Ashok Singhal in Goalpara

গোৱালপাৰা মহাবিদ্যালয়ত আয়োজন আন্তঃমহাবিদ্যালয় মাণ্ডলিক যুৱ মহোৎসৱ (Inter College Mandalik Youth Festival 2022) ৷ মহোৎসৱত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অভিভাৱক মন্ত্ৰী অশোক সিংহাল ।

Inter College Mandalik Youth Festival
বৰ্তমান সময়ত ভাৰতত শিক্ষাৰ্থীৰ বাবে স্বৰ্ণীল কাল চলি আছে : অশোক সিংঘাল

By

Published : Sep 22, 2022, 8:13 AM IST

Updated : Sep 22, 2022, 2:20 PM IST

গোৱালপাৰা, 22 ছেপ্টেম্বৰ :বুধবাৰে গোৱালপাৰা মহাবিদ্যালয়ত আয়োজন কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় মাণ্ডলিক যুৱ মহোৎসৱ (পশ্চিম মণ্ডল) 2021-22ৰ (Inter College Mandalik Youth Festival 2022) ৷ এই যুৱ মহোৎসৱত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কেবিনেট তথা নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহাল (Ashok Singhal in Goalpara) ।

জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে পোন প্ৰথমবাৰৰ বাবে তেওঁ জিলাখনত উপস্থিত হৈ আনন্দিত হোৱা বুলি সভাৰ মুখ্য অতিথিৰ ভাষণত মন্তব্য কৰে । তেওঁ কয় যে, মহাবিদ্যালয়সমূহৰ প্ৰতিভাৱান শিক্ষাৰ্থীসকলক শৈক্ষিক দক্ষতা বিকাশৰ উপৰিও বৌদ্ধিক আৰু সাংস্কৃতিক উত্তৰণৰ বাবে এই যুৱ মহোৎসৱে এখন বিশাল মঞ্চ প্ৰদান কৰি আহিছে ৷

ইফালে এই মহোৎসৱত অংশগ্ৰহণ কৰা সকলো শিক্ষাৰ্থীলৈ তেওঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷

সকলোৰে মাজত থকা সুপ্ত প্ৰতিভা আৰু দক্ষতাবোৰ উলিয়াই অনাত এই মহোৎসৱ ভূমিকা অতি উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ ভাষণ প্ৰসংগত মন্তব্য কৰে ৷ ইয়াৰ পিচতে অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰী সিংহালে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখনি প্ৰশাসনিক পৰ্যালোচনা সভাত অংশ লয় ।

লগতে পঢ়ক :গৰ্ভপাতৰ পাছতে মৃত্যু হোৱা কিশোৰীক পুতি থৈ পলায়ন পিতৃসহ পৰিয়ালৰ লোক

উক্ত সভাত ৰাজহ চক্ৰ, জনস্বাস্থ্য কাৰিকৰী, জনসিঞ্চন, খাদ্য আৰু অসামৰিক যোগান, সমাজ কল্যাণ, কৃষি, শিক্ষা বিভাগকে ধৰি স্বচ্ছ ভাৰত মিছন, প্ৰধান মন্ত্ৰী আৱাস যোজনা, চি আই ডি এফ আদি বিভিন্ন আঁচনিৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়া-কৰ‌মচাৰীসকল ৷

কেবিনেট তথা নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহাল

ইফালে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত তেওঁ কয়, বৰ্তমান সময়ত ভাৰতত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্বৰ্ণিল কাল চলি আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ষিপ্ৰতাৰে আগবাঢ়িছে । মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছে যে, ৰাজ্যৰ স্কুল-কলেজসমূহে ভাল মানৱ সম্পদ গঢ়িলেহে ভাল সমাজ গঢ়িব পাৰি । কিয়নো ভাল সমাজেহে সুস্থ পৰিৱেশ আৰু ভাল ৰাজ্য গঠন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে ।

উল্লেখ্য যে, বৰ্ধিত পৌৰকৰ‌ পৌৰ প্ৰশাসনৰ একপক্ষীয় সিদ্ধান্ত বুলি শাসকীয় বিধায়ক এগৰাকীয়ে কৰা মন্তব্যক তেওঁ নস্যাৎ কৰে । এইক্ষেত্ৰত তেওঁ কয় যে, এয়া পৌৰ প্ৰশাসনৰ একপক্ষীয় সিদ্ধান্ত নহয় । এয়া কেবিনেটৰ সিদ্ধান্ত । মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন কেবিনেটত সৰ্বসন্মতিক্ৰমে পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ স্পষ্ট কৰে ।

লগতে পঢ়ক :নীতি অনুসৰণ নকৰা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব চৰকাৰে

Last Updated : Sep 22, 2022, 2:20 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details