অসম

assam

ETV Bharat / state

সাৱধান! মিনাৰেল ৱাটাৰ নাখাব

সোণতলী বজাৰত 'hush' কোম্পানীৰ মিনাৰেল ৱাটাৰৰ বটলত ওলাইছে বিষাক্ত পোক । গ্ৰাহকৰ ওচৰত পানীৰ বটল বিক্ৰী কৰিবলৈ লওঁতেই ধৰা পৰে এই ঘটনা । খাদ্য সুৰক্ষা আইনৰ অধীনত কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে গ্ৰাহকে ।

By

Published : Jun 14, 2019, 7:38 PM IST

সাৱধান! মিনাৰেল ৱাটাৰ নাখাবঃ বিপদ মাতিব পাৰে

গোৱালপাৰা, ১৪জুনঃ বকোৰ সোণতলীত মিনাৰেল ৱাটাৰৰ বটলত ওলাইছে বিষাক্ত পোক ।

গৰমৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে চাহিদা বৃদ্ধি পাইছে শীতল পানীয়ৰ লগতে মিনাৰেল ৱাটাৰৰ চাহিদা । কিন্তু সাৱধান হওঁক, আপুনি খোৱা মিনাৰেল ৱাটাৰে সৰ্বনাশ মাতিব পাৰে আপোনাৰ । এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বকোৰ সোণতলীত । সোণতলী বজাৰত 'hush' কোম্পানীৰ মিনাৰেল ৱাটাৰৰ বটলত ওলাইছে বিষাক্ত পোক । গ্ৰাহকৰ ওচৰত পানীৰ বটল বিক্ৰী কৰিবলৈ লওঁতেই ধৰা পৰে এই ঘটনা । ছীল কৰা পানীৰ বটলত বিষাক্ত কেৰেলুৱা সোমাল কেনেকৈ ? বটলত আছে ISI ট্ৰেড মাৰ্ক । এতিয়া প্ৰশ্ন উঠিছে এই পানী সঁচাই বিশুদ্ধ নে ? খাদ্য সুৰক্ষা আইনৰ অধীনত কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে গ্ৰাহকে । ইপিনে ঘটনা সন্দৰ্ভত ব্যৱসায়ী জনে মিনাৰেল কোম্পানীৰ লোকক অৱগত কৰে যদিও তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । সেয়ে গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে ব্যৱসায়ী জনে । এনে বিষাক্ত মিনাৰেল ৱাটাৰৰ কোম্পানীটোৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহন কৰে সেয়াই হ'ব লক্ষণীয় ।

সাৱধান! মিনাৰেল ৱাটাৰ নাখাবঃ বিপদ মাতিব পাৰে

লগতে আন এটা বাতৰি- জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালিঃ ঔষধৰ ভিতৰত জীৱিত কীট

ABOUT THE AUTHOR

...view details