অসম

assam

ETV Bharat / state

বিদ্যালয়ৰ পৰা চিকিৎসালয় পৰ্যন্ত: কি নাই গোৱালপাৰাৰ ডিটেনচন কেম্পত ! - বৃহৎ ডেটেনচন কেম্প

সৰ্বমুঠ 4 হেক্টৰ ভূমিত 45 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হৈছে এই বৃহৎ ডেটেনচন কেম্পটোৰ ৷ সকলো ঠিকে-ঠাকে থাকিলে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ ভাগত মুকলি কৰা হ'ব ডিটেনচন কেম্পটোৰ ৷ লগে-লগে এই ডেটেনচন কেম্পলৈ স্থানান্তৰিত কৰা হ'ব ৰাজ্যৰ মুঠ 6 খন কাৰাগাৰত বন্দী হৈ থকা মুঠ 844 গৰাকী ঘোষিত বিদেশীক ৷

GOALPARA DETENTION CAMP

By

Published : Nov 15, 2019, 7:06 PM IST

Updated : Nov 16, 2019, 7:15 AM IST

গোৱালপাৰা, 15 নৱেম্বৰ : 3000 বিদেশী ঘোষিতক বন্দী কৰিবলৈ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে ৰাজ্যৰ লগতে দেশৰ প্ৰথমটো বৃহৎ ডিটেনচন কেম্পৰ ৷ গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 150 কিল'মিটাৰ নিলগৰ গোৱালপাৰাৰ মাটিয়াত নিৰ্মাণ কাৰ্য অব্যাহত আছে ডেটেনচন কেম্পটোৰ ৷

নিৰ্মীয়মান গোৱালপাৰাৰ ডিটেনচন কেম্প

সৰ্বমুঠ 4 হেক্টৰ ভূমিত 45 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই বৃহৎ ডেটেনচন কেম্পটোৰ ৷ প্ৰতিটো বিল্ডিঙত 32 টা কোঠা সন্নিৱিষ্ট মুঠ 17 টা বিল্ডিং থাকিব এই ডিটেনচন কেম্পত ৷ অৰ্থাৎ কেম্পটোত থাকিব মুঠ 544টা কোঠা ৷ বন্দী সকলৰ আহাৰ গ্ৰহণৰ বাবে বৃহৎ ডাইনিং হলৰ ব্যৱস্থা থকাৰ লগতে নিৰ্মাণ কৰা হৈছে 180 টা টয়লেটৰ ৷ ইমানেই নহয়, ডিটেনচন কেম্পৰ ভিতৰতে স্বাস্থ্যকেন্দ্ৰৰ লগতে শিশুসকলৰ বাবে থাকিব বিদ্যালয়ৰ ব্যৱস্থাও ৷

গোৱালপাৰত নিৰ্মাণ হৈছে অত্যাধুনিক ডিটেনচন কেম্প

সকলো ঠিকে-ঠাকে থাকিলে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ ভাগত মুকলি কৰা হ'ব ডিটেনচন কেম্পটোৰ ৷ লগে-লগে এই ডেটেনচন কেম্পলৈ স্থানান্তৰিত কৰা হ'ব ৰাজ্যৰ মুঠ 6 খন কাৰাগাৰত বন্দী হৈ থকা মুঠ 844 গৰাকী বিদেশীঘোষিত ব্যক্তিক ৷

লগতে পঢ়ক : লোমহৰ্ষক : মাতৃয়ে দিখৌৰ বুকুলৈ দলিয়ালে কন্যাক

Last Updated : Nov 16, 2019, 7:15 AM IST

ABOUT THE AUTHOR

...view details