গোৱালপাৰা,30 জুলাই:গোৱালপাৰাত বৃহস্পতিবাৰে কেইবাটাও উন্নয়নমূলক আঁচনিৰ অধীনত নিৰ্মিত ৰাজহুৱা অনুষ্ঠানৰ উদ্বোধন কৰা হয় ৷ জিলাখনৰ ধূপধৰা আৰু আগিয়া পৰিষদীয় সমষ্টিত মুঠ ছটাকৈ জন কল্যাণকামী ৰাজহুৱা অনুষ্ঠানৰ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷ বিগত বৰ্ষৰ তুলনাত পৰিষদৰ আটাইতকৈ বেছি উন্নয়নমূলক কাম সম্পন্ন হোৱা এই ৰাজহুৱা অনুষ্ঠানসমূহৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হয় ২০১৮/১৯ বিত্তীয় বৰ্ষৰ পুঁজিৰে ৷
গোৱালপাৰাত ৰাজহুৱা অনুষ্ঠান উদ্বোধন - টংকেশ্বৰ ৰাভা
বৃহস্পতিবাৰে গোৱালপাৰাত কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ উদ্বোধন কৰা হয় ৷ উক্ত অনুষ্ঠানসমূহ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷
![গোৱালপাৰাত ৰাজহুৱা অনুষ্ঠান উদ্বোধন Inauguration of public event at Goalpara assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8228849-thumbnail-3x2-a.jpg)
ৰাজহুৱা অনুষ্ঠান উদ্বোধন
ৰাজহুৱা অনুষ্ঠান উদ্বোধন
সেই অনুসৰি,ধূপধৰাৰ সাপ্তাহিক বজাৰত এটা বজাৰগৃহ, ৰাভাপাৰাত এটা সভাগৃহ, ইছলামধৰ্মী লোকসকলৰ বাবে ঈদগাহ মৈদানৰ দুৱাৰ আৰু আগিয়া পৰিষদীয় সমষ্টিত জনজাতীয় যুৱ কল্যাণ কেন্দ্ৰ,আগিয়া কণিষ্ঠ অভ্যাসন বিদ্যালয়ৰ এটা অতিৰিক্ত শ্ৰেণীকোঠাৰ লগতে এটি জিৰণি কোঠাৰ উদ্বোধন কৰে ৰাভাই ।