গোৱালপাৰা, 30 ডিচেম্বৰ : গোৱালপাৰা জিলাৰ লক্ষীপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বাতাবাৰী-থুৰথুৰী গাঁৱৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । কিয়নো বানপানী আৰু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত বাতাবাৰী প্ৰাথমিক বিদ্যালয়খন জাহ যোৱাত এতিয়া অঞ্চলটোত এখন বিদ্যালয় অভাৱ ঘটিছে ৷
স্থানীয় লোকে সদৰি কৰা মতে বাতাবাৰী প্ৰাথমিক বিদ্যালয়ত থুৰথুৰী,কদমতলা,ৰোৱাৰভিটা আদি গাঁৱৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰিছিল। বিদ্যালয় খন ব্ৰহ্মপুত্ৰৰ নৈত জাহ যোৱাৰ পিচত স্থানীয় ৰাইজে বিদ্যালয়খন থুৰথুৰী গাঁৱতে স্থাপন কৰাৰ চেষ্টা চলায় যদিও বিদ্যালয়খনৰ প্ৰধান শিক্ষক সাহজাহান আলীয়ে কেইগৰাকীমান সদস্যৰ সৈতে লগ লাগি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বাহাদূৰটাৰী সাতশিমলা গাঁৱৰ এক চৰত স্থাপন কৰে বুলি জানিবলৈ দিছে স্থানীয়ে লোকে ৷
উল্লেখ্য যে,বৰ্তমান যি ঠাইত বিদ্যালয়খন স্থাপন কৰে সেই স্থানলৈ থুৰথুৰী গাঁৱৰ পৰা কমেও চাৰি কি.মি ব্ৰহ্মপুত্ৰৰ মাজেৰে পাৰ হৈ যাব লাগে । বাতাবাৰী প্ৰাথমিক বিদ্যালয়খন বাতাবাৰী সংলগ্ন থুৰথুৰী গাঁৱতে স্থাপনৰ বাবে অঞ্চলটোৰ অভিভাৱক সকলে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিল যদিও সুফল নাপালে ৷