গোৱালপাৰা, 2 জানুৱাৰীঃ গোৱালপাৰাৰ গৰুচটকাত নৱবৰ্ষৰ আৰম্ভণিতে ব্যতিক্ৰমী আয়োজন ৷ থলুৱাভাৱে ৰাইজে আয়োজন কৰিলে ঘোঁৰা দৌৰ প্ৰতিযোগিতা ৷ ৰাইজৰ হৰ্ষোল্লাস আৰু হাতচাপৰিৰ মাজত পুনৰোজ্জীৱিত হৈছে ৰজা দিনীয়া পৰম্পৰাগত খেলটো ৷ ক্ষণিকৰ বাবে হ'লেও যেন আনন্দ উচাহত ডুব গ'ল অঞ্চলটো ৷
নৱবৰ্ষৰ আৰম্ভণিতে ব্যতিক্ৰমী আয়োজন গোৱালপাৰাৰ গৰুচটকা বাসীৰ