অসম

assam

ETV Bharat / state

পথৰ দাঁতিত চলিছে জীৱন সংগ্ৰামৰ অঘোষিত যুঁজ - জীৱন সংগ্ৰাম

দেশজুৰি বলৱৎ হোৱা লক্ ডাউনৰ সময়ত জীৱন সংগ্ৰামৰ বাবে নামি পৰিছে ভিন্নজন । গোলাঘাটতো দুটি পিতৃহীন কণমানিয়ে পথৰ কাষত হাবিৰ পৰা বুটলি অনা শাক পাচলি বিক্ৰী কৰি যি ন্যূনতম উপাৰ্জন কৰিছে, সেই উপাৰ্জনেৰে নামি পৰিছে জীৱন ৰক্ষাৰ যুঁজত ।

amid lockdown kids sell herbs to sustain living
amid lockdown kids sell herbs to sustain living

By

Published : Apr 30, 2020, 10:49 AM IST

Updated : Apr 30, 2020, 11:13 AM IST

গোলাঘাট, 30 এপ্ৰিলঃ সমগ্ৰ দেশত বলৱৎ কৰা লক্ ডাউনে স্তব্ধ কৰিছে দেশৰ জনজীৱন । এনে দুৰ্যোগৰ সময়ত দেখা দিছে বিভিন্ন হৃদয় বিদাৰক দৃশ্য । ব্যতিক্ৰম নহ'ল গোলাঘাটৰ শালমৰা ধোদৰ আলিৰ পথৰ কাষত বস্তা পাৰি, হাবিৰ পৰা ছিঙি অনা ঢেকীয়া, কচু শাক আদি বিক্ৰী কৰি থকা কণমানি দুটিও । জানিব পৰা মতে, এই পথৰ দাঁতিত এনেদৰে শাক-পাচলি বিক্ৰী কৰি থকা কোনো শিশুৰ যদি নাই মাতৃ , আন কাৰোবাৰ আকৌ নাই পিতৃ ।

পথৰ দাঁতিত চলিছে জীৱন সংগ্ৰামৰ অঘোষিত যুঁজ

উল্লেখ্য যে, দেশ কপাই যোৱা সুৰা ট্ৰেজেডীৰ ঘটনাত প্ৰাণ গৈছিল কণমানি কেইটিৰ পিতৃৰ । যাৰ বাবে এই অসহায় শিশুকেইটিয়ে কাৰোলৈ বাট নাচাই নামি পৰিছে জীৱন সংগ্ৰামত । শাক পাচলি বিক্ৰী কৰি যি ন্যূনতম উপাৰ্জন তেওঁলোকে লাভ কৰিছে সেই টকা, এনে সংকটৰ সময়ত নিজ মতৃক দি চলাই গৈছে জীৱন সংগ্ৰাম ।

লগতে পঢ়কঃইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সোণাপুৰৰ ঘাট মাউৰা ভগ্নীত্ৰয়লৈ সহায়ৰ হাত

Last Updated : Apr 30, 2020, 11:13 AM IST

ABOUT THE AUTHOR

...view details