গোৱালপাৰা,১৫ এপ্ৰিল :বিহুৰ আনন্দ উল্লাহৰ মাজতে গোৱালপাৰাত ধুমুহাৰ তাণ্ডৱ (Severe storm in Goalpara)। ধুমুহাত গোৱালপাৰা জিলাৰ আগিয়া-বালিজানাৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন (Heavy storms in Goalpara cause extensive damage)। পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহাৰ ফলত বৃহত্তৰ আগিয়া-বালিজানা অঞ্চলৰ বহুতো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয় । প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি বহু লোকৰ ঘৰ-দুৱাৰ নষ্ট হোৱাৰ লগতে বহু ঠাইত বিজুলী খুঁটা আৰু তাঁৰ ছিঙি যায় ।
গছ উভালি পৰাৰ ফলত আগিয়া-লক্ষীপুৰ পথ আৰু আগিয়া-গোৱালপাৰা পথত দীৰ্ঘ সময়ধৰি যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰে (Storm disrupts traffic in Goalpara)। ইফালে ধুমুহাৰ সময়ত লক্ষীপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন চলন্ত যাত্ৰীবাহী বাছৰ ওপৰতে প্ৰকাণ্ড গছ ভাঙি পৰে । সৌভাগ্যক্ৰমে বাছখনৰ যাত্ৰীসকল ৰক্ষা পৰে যদিও বাছখনৰ ক্ষতিসাধন হয় ।