গোৱালপাৰা, ২০ জানুৱাৰী:গোৱালপাৰা জিলাৰ শিমলিতলাত বৃহস্পতিবাৰে নিশা আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । ডকাইতৰ দলটোত আছিল চাৰিটাকৈ দুৰ্ধৰ্ষ ডকাইত । গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ নিৰ্দেশত গোৱালপাৰা উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা আৰু ৰংজুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ দাসৰ নেতৃত্বত ডকাইতৰ দলটোৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন প্ৰান্তত তালাচী বহুওৱা হৈছিল ।
শিমলিতলা আৰক্ষী থানাৰ অন্তৰ্গত টিপলাই পথত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা(Police firing at Goalpara) । নিশা প্ৰায় ১১ বজাত টিপলাই-শিমলিতলা সংযোগী পথত আৰক্ষীয়ে ডকাইতৰ দলটোৰ গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও দলটোৱে নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত বাহন চলাই বেৰিকেড ভাঙি আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰি পলাবলৈ চেষ্টা কৰে । আৰক্ষীয়েও প্ৰত্যুত্তৰত ডকাইতৰ দলটোলৈ লক্ষ্য কৰি ১৪ জাইকৈ গুলী নিক্ষেপ কৰে(Police firing to Docait in Goalpar) ৷
আৰক্ষীৰ গুলীত ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা AS 22 F 5594 চাৰিচকীয়া বাহনখন ক্ষতিসাধন হয় যদিও ডকাইতৰ দলটোৱে বাহন এৰি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে(Gun battle in Goalpara) । গোটেই নিশা আৰক্ষীয়ে অভিযান চলায় যদিও বৰ্তমানলৈ কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষীয়ে বাহনখনৰ পৰা তিনিটাকৈ ৭.৬৫ এম এম পিষ্টলৰ খালি কার্টিজ, এখন খুকুৰীৰ লগতে কেইবাটাও আপত্তিজনক বস্তু জব্দ কৰে ।