গোৱালপাৰা,16 ডিচেম্বৰ :গোৱালপাৰা জিলাৰ খলিছাভিটাত ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণ । মঙলবাৰে নিশা ২ মান বজাত অচিনাক্ত দুৰ্বৃত্তই লক্ষীপুৰ থানাৰ অন্তৰ্গত খলিচাভিটা বজাৰৰ সৰবেশ আলীৰ নামৰ ব্যাক্তিজনৰ ঘৰৰ খিৰিকিৰ কাষত গ্ৰেণেড নিক্ষেপ কৰিছিল । ইপিনে গ্ৰেণেড বিস্ফোৰণ ফলত সৰবেশ আলী ( 52 ) আৰু পত্নী আঞ্জু মনোৱাৰা খাতুন (38) গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় ।
কোনে মাজ নিশা গ্ৰেণেড ফুটালে লক্ষীপুৰত - grenet blast
অচিনাক্ত দুৰ্বৃত্তই লক্ষীপুৰ থানাৰ অন্তৰ্গত খলিচাভিটা বজাৰৰ সৰবেশ আলীৰ নামৰ ব্যাক্তিজনৰ ঘৰৰ খিৰিকিৰ কাষত গ্ৰেণেড নিক্ষেপ কৰাৰ ফলতে দুগৰাকী ব্যক্তি গুৰুত্বভাবে আহত ৷ আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত ঘটনাৰ লগত জৰিত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ ঘটনাতোৰ ফলত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে ৷
![কোনে মাজ নিশা গ্ৰেণেড ফুটালে লক্ষীপুৰত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ খলিচাভিটাত গ্ৰেনেট বিস্ফোৰণত দুগৰাকী আহত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9900122-830-9900122-1608123217314.jpg)
গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ খলিচাভিটাত গ্ৰেনেট বিস্ফোৰণত দুগৰাকী আহত
গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ খলিচাভিটাত গ্ৰেনেট বিস্ফোৰণত দুগৰাকী আহত
আনহাতে সম্প্ৰতি দুয়োগৰাকীয়ে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত লক্ষীপুৰ আৰু ধূমেৰঘাট থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ইপিনে বৰ্তমানলৈ আৰক্ষীয়ে কোনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখযোগ্য যে, বিগত কিছু দিনৰ পৰা অঞ্চলটোত অপৰাধ মূলক কাম-কাজ বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে খলিচাভিটা বাসী ৰাইজ ।
লগতে পঢ়কঃ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানিয়েই নগাঁৱত অনুষ্ঠিত হ'ব তিৱা স্বায়ত শাসিত পৰিষদৰ নিৰ্বাচন