গোৱালপাৰা, 28 ফেব্ৰুৱাৰী : আকৌ হাত দাঙিলে দুৰ্নীগ্ৰস্ত চৰকাৰী কৰ্মচাৰীয়ে ৷ এইবাৰ গোৱালপাৰা চহৰৰ নয়াপাৰাস্থ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী চি এম ভিজিলেন্স অৰ্থাৎ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ৰোষত পৰিল ৷ দহ হেজাৰ টকা ঘোচ লওঁতে হাতে-লোটে ধৰা পৰে দুগৰাকী চৰকাৰী কৰ্মচাৰী (Govt Employees arrested for allegedly taking money) ৷
জানিব পৰা মতে, দুয়োগৰাকী অভিযুক্ত কৰ্মীচাৰীক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু নিবাৰক শাখাই (Govt Employees arrested in Goalpara)। ধৃত অভিযুক্ত কেইটা হৈছে তৃতীয় বৰ্গৰ কৰ্মচাৰী দ্বীপজিৎ চৰকাৰ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আনচাৰ আলী ।
ঘটনা বিৱৰণি অনুসৰি, মহিবুল ইছলাম নামৰ এগৰাকী ফাৰ্মাচিষ্টক ফাৰ্মাচি (জি পি আৰ) লাইলেন্সৰ বাবে এমাহমান পূৰ্বে ঔষধ পৰিদৰ্শক সংগীতা নাথ মাজাৰ ভূঞাই তৃতীয় বৰ্গৰ কৰ্মচাৰী (কমম্পিউটাৰ অপাৰেটৰ) দ্বীপজিৎ চৰকাৰ আৰু চতুৰ্থ বৰ্গৰ (পিয়ন) কৰ্মচাৰী আনচাৰ আলীৰ জৰিয়তে মুঠ ঊন্নৈশ হাজাৰ টকা দাবী কৰিছিল ।
সেই সময়তে দাবী কৰা ধনৰ চাৰি হাজাৰ টকা আদায়ো লৈছিল । কিন্তু লাইচেন্সৰ কোনো কাম কৰা নাছিল । আনকি দাবী কৰা সম্পূৰ্ণ ধন সম্পূৰ্ণ আদায় দিলেহে লাইচেন্সৰ কাম কৰা হ’ব বুলি দাবী কৰিছিল অভিযুক্ত কেইটাই । পৰৱৰ্তী সময়ত দাবী উপায়ন্তৰ হৈ পৰা ফাৰ্মাচিষ্ট মহিবুল ইছলামে ঔষধ পৰিদৰ্শক সংগীতা নাথ মাজাৰ ভূঞাসহ কম্পিউটাৰ অপাৰেটৰ দ্বীপজিৎ চৰকাৰ আৰু পিয়ন আনচাৰ আলীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু নিবাৰক শাখাত এক অভিযোগ দাখিল কৰে ।