গোৱালপাৰা,1 জানুৱাৰীঃউন্নয়নৰ সদিচ্ছাৰ অভাৱৰ বাবে স্তব্ধ হৈ ৰৈছে গোৱালপাৰাৰ গড়কাপ্তানী বিভাগৰ অন্তৰ্গত পথসমূহ ৷ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাক্ষসনি আৰু লেয়াৱাৰী অঞ্চলৰ ৰাইজক । গোৱালপাৰা-মাটিয়া পথৰ ডুবাপাৰাৰ পৰা ৰাক্ষসনি-ফুটুৰিপাৰা-হাৰিমুৰা হৈ কৃষ্ণাই লৈ যোৱা এটা গুৰুত্বপূৰ্ণ পথ সম্প্ৰতি ভগ্নপ্ৰায় অৱস্থাত আছে । শীতৰ সময়ছোৱাতো একাঁঠু বোকাপানীৰে ভৰ্তি হৈ আছে পথছোৱা । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে সম্প্ৰতি গাঁঠিৰ ধন ভাঙি ৰাইজে পথছোৱা মেৰামতি কৰিবলগীয়া হৈছে ।
গোৱালপাৰাত বিধ্বস্ত পথ নিৰ্মাণত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ
গোৱালপাৰাত পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাক্ষসনি আৰু লেয়াৱাৰী অঞ্চলৰ ৰাইজক । গোৱালপাৰা-মাটিয়া পথৰ ডুবাপাৰাৰ পৰা ৰাক্ষসনি-ফুটুৰিপাৰা-হাৰিমুৰা হৈ কৃষ্ণাই লৈ যোৱা এটা গুৰুত্বপূৰ্ণ পথ সম্প্ৰতি ভগ্নপ্ৰায় অৱস্থাত আছে । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে সম্প্ৰতি গাঁঠিৰ ধন ভাঙি ৰাইজে পথছোৱা মেৰামতি কৰিবলগীয়া হৈছে ।
বিধ্বস্ত পথ
সমগ্ৰ অঞ্চলটোৰ প্ৰতি বিধায়ক,সাংসদ তথা চৰকাৰৰ নাই তিলমানো সদিচ্ছা । বহুবাৰ স্থানীয় ৰাইজে বিধায়কৰ লগতে গড়কাপ্তানী বিভাগ আৰু জিলা প্ৰশাসনক অৱগত কৰিছিল ৰাস্তাটোৰ বিষয়ে । কিন্তু বৰ্তমানলৈকে এই কথাত তিলমানো গুৰুত্ব প্ৰদান কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই ৷