অসম

assam

ETV Bharat / state

গৰু চুৰিৰ সন্দেহত হানি-খুঁচি হত্যাৰ চেষ্টা যুৱকক

বুধবাৰে নিশা জিন্নত আলীয়ে অন্য দুজন যুৱকৰ সৈতে কুৰুৱাভাষাৰ পৰা গৰু চোৰ কৰে। কুৰুৱাভাষাৰ পৰা গৰু লৈ উভতি অহা অৱস্থাত স্থানীয় ৰাইজে গৰুৰ সৈতে হাতে-লোটে কৰায়ত্ব কৰে জিন্নাত আলীক ৷ যদিও আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে অন্য দুই যুৱকে ।

By

Published : Oct 1, 2020, 5:31 PM IST

Golaghat
Golaghat

গোৱালপাৰা, 1 অক্টোবৰঃগোৱালপাৰা কুৰুৱাভাষাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ গৰু চুৰিৰ সন্দেহত দুৰ্বৃত্তৰ ৰোষৰ বলি হয় জিলাখনৰ ৰূপনগৰৰ জিন্নত আলী নামৰ এজন যুৱক ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে,বুধবাৰে নিশা জিন্নত আলীয়ে অন্য দুজন যুৱকৰ সৈতে কুৰুৱাভাষাৰ পৰা গৰু চোৰ কৰে। কুৰুৱাভাষাৰ পৰা গৰু লৈ উভতি অহা অৱস্থাত স্থানীয় ৰাইজে গৰুৰ সৈতে হাতে-লোটে কৰায়ত্ব কৰে জিন্নাত আলীক ৷ যদিও আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে অন্য দুই যুৱকে ।

হানি-খুঁচি হত্যাৰ চেষ্টা যুৱকক

লগতে পঢ়কঃযাত্ৰা: বৃহত্তম নদী দ্বীপৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপলৈ

উল্লেখ্য যে,স্থানীয় ৰাইজে জিন্নাত আলীক মাৰ-পিত কৰাৰ লগতে তাৰ হাত এখন কাটি দিয়ে। আৰক্ষীয়ে জিন্নত আলীক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই ৷ কিন্তু জিন্নাতৰ অৱস্থা সংকটজনক হোৱা ফলত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে জিন্নাত আলিয়ে গৰু চুৰীৰ কথাটো অস্বীকাৰ কৰিছে ।

ABOUT THE AUTHOR

...view details