গোৱালপাৰা, 1 নৱেম্বৰঃ ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে পূৱ গোৱালপাৰাত । লাডেন নামৰ বন্যহস্তীটোৰ সন্ত্ৰাসত এতিয়া কম্পমান পূৱ গোৱালপাৰা অঞ্চল। বিগত প্ৰায় ৫ বছৰ ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলাই ত্ৰাসৰ সৃষ্টি কৰিছে লাডেনে । বিশেষকৈ জিলাখনৰ ৰংজুলি আৰু মাটিয়া ৰাজহ চক্ৰৰ প্ৰতিটো প্ৰান্তত চলিল লাডেনৰ অত্যাচাৰ,নৰসংহাৰ। বিগত প্ৰায় ৫ বছৰত লাডেনে প্ৰাণ ললে অৰ্ধশতাধিক লোকৰ। ঘূণীয়া কৰিলে বহুতক। নীৰিহ লোকৰ শ শ ঘৰ দুৱাৰ ভাঙি বিধ্বস্ত কৰিলে লাডেনে। নষ্ট কৰিলে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। লাডেনৰ সন্ত্ৰাসৰ বাবেই প্ৰায় উজাগৰী নিশা কটায় ৰংজুলি,মাটিয়া অঞ্চলৰ লোক । এক কথাত লাডেনৰ সন্ত্ৰাসত দিশহাৰা ৰংজুলি মাটিয়াবাসী।
অসাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশঃ লাডেনক সংজ্ঞাহীন কৰাত ব্যৰ্থ বন বিভাগ - forest department search operation going on to undertaken laden
গোৱালপাৰা পূব সমষ্টিৰ ৰংজুলি আৰু মাটিয়াৰ বিভিন্ন অঞ্চলত অব্যাহত আছে লাডেনৰ সন্ত্ৰাস। ৫ বছৰত কাঢ়ি নিলে অৰ্ধশতাধিকৰ প্ৰাণ। কিন্তু বেলি মাৰ যোৱাৰ আগমূহৰ্তত লাডেনক বিচাৰি নোপোৱাত ক্ষোভিত হৈ পৰে ৰাইজ । ৰাইজৰ অভিযোগ,বন্য হস্তীটোক সংজ্ঞাহীন কৰাৰ নামত ভেঁকোভাওনাহে কৰি আছে বন বিভাগে ।
![অসাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশঃ লাডেনক সংজ্ঞাহীন কৰাত ব্যৰ্থ বন বিভাগ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4926874-thumbnail-3x2-k.jpg)
উল্লেখ্য যে যোৱা ২৯ আৰু ৩০ অক্টোবৰত মটিয়া,ৰংজুলী আৰু চিধাবাৰীৰ পৃথকে পৃথকে পাঁচ জনকৈ লোকৰ লডেনৰ আক্ৰমণত মৃত্যু হোৱাৰ পিছতে পূৱ গোৱালপাৰা অঞ্চলৰ কোনো এটা পৰিয়ালে শান্তিৰে ৰজনী কটাব পৰা নাই । ইপিনে ২৯ অক্টোবৰৰ নিশাই মুখ্যমন্ত্ৰী গৰাকীয়ে বন্যহস্তীটো সংজ্ঞাহীন কৰি লৈ যোৱাৰ নিৰ্দেশ দিছিল বনবিভাগক। এই নিৰ্দেশনাৰ পিছতে ৩১ অক্টোবৰত জিলাখনলৈ কোকৰাঝাৰ,গুৱাহাটীআৰু মানাহ অভয়াৰণ্যৰ পৰা আহিছিল তিনিটা বিশেষজ্ঞৰ দল। জিলা খনৰ পূৱ সমষ্টিৰ অন্তৰ্গত শিমলীতলা,কানকটা গাঁৱৰ জংঘলত ড্ৰোণৰে হাতীটো বিচৰাত ব্যস্ত থাকে বনবিভাগ। কিন্তু ইমানৰ পাচতো লাডেনক বিচাৰি নোপোৱাত ক্ষোভিত হৈ পৰে ৰাইজ। ৰাইজৰ অভিযোগ, বন্য হস্তীটোক সংজ্ঞাহীন কৰাৰ নামত ভেঁকোভাওনাহে কৰি আছে বন বিভাগে ।