গোৱালপাৰা,17 মে’: গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত লেৱাবাৰীৰ পৰা দেওবাৰে নিশা বন বিভাগে চোৰাং কাঠ ভৰ্তি এছ ১৮ চি ০৩৫৬ নম্বৰৰ এখন বলেৰ’ পিক আপ ভান জব্দ কৰে । কৃষ্ণাই অঞ্চলৰ কোনোবা অবৈধ কাঠফলা কলৰ পৰা চোৰাং শাল কাঠখিনি ফালি আনি থকাৰ সময়তে গোৱালপাৰাৰ আঞ্চলিক বন বিষয়া সান্তনা মেধিৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰে বাহনখন ।
গোৱালপাৰাত চোৰাং কাঠ ভৰ্তি বলেৰ’ পিক আপ ভান জব্দ - মৰনৈ থানা
মৰনৈ থানাৰ অন্তৰ্গত লেৱাবাৰীত চোৰাং কাঠ ভৰ্তি এখন বলেৰ’ পিক আপ ভান জব্দ ৷ দেওবাৰে নিশা বন বিভাগে জব্দ কৰে চোৰাং কাঠ ভৰ্তি বাহনখন ৷
![গোৱালপাৰাত চোৰাং কাঠ ভৰ্তি বলেৰ’ পিক আপ ভান জব্দ গোৱালপাৰাত চোৰাং কাঠ ভৰ্তি বলেৰ পিক আপ ভেন জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11790297-184-11790297-1621239978465.jpg)
গোৱালপাৰাত চোৰাং কাঠ ভৰ্তি বলেৰ পিক আপ ভেন জব্দ
গোৱালপাৰাত চোৰাং কাঠ ভৰ্তি বলেৰ’ পিক আপ ভান জব্দ
উল্লেখ্য যে, জব্দ কৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ২০ হেজাৰ টকা হ’ব । আঞ্চলিক বন বিষয়াগৰাকীয়ে চোৰাং কাঠ ব্যৱসায়ী আৰু অবৈধ কাঠফলা কলৰ বিৰুদ্ধে প্ৰায়ে অভিযান চলাই অহা পৰিলক্ষিত হৈছে ৷ উক্ত অভিযানসমূহত কেইবাটাও কাঠফলা কল জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগ ।
লগতে পঢ়ক:ৰঙিয়াত ৰড ভৰ্তি ট্ৰাকে মাৰিলে ডিভাইডাৰত খুন্দা: এজনৰ মৃত্যু
Last Updated : May 17, 2021, 2:30 PM IST