অসম

assam

ETV Bharat / state

গোৱালপাৰাত বন বিভাগৰ অভিযানত ২ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা জব্দ - ৰাজ্য়ত অব্য়াহত

ৰাজ্য়ত অব্য়াহত আছে চোৰাং কাঠৰ বেহা। গোৱালপাৰাত অবৈধভাৱে চলাই থকা কাঠ ফলা মিলত বন বিভাগৰ অভিযান । মিলটোৰ পৰা ২ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা জব্দ ।

গোৱালপাৰাত বন বিভাগৰ অভিযানত ২ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা জব্দ
গোৱালপাৰাত বন বিভাগৰ অভিযানত ২ লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা জব্দ

By

Published : Dec 16, 2020, 5:10 PM IST

গোৱালপাৰা, ১৬ ডিচেম্বৰ: কাঠৰ চোৰাং বেহা চলাই অহা ব্যৱসায়ীক নাকী লগোৱাৰ উদ্দেশ্যে গোৱালপাৰাত বন বিভাগৰ অভিযান । জয়পুৰ পুৰাণ বজাৰত এটা অবৈধ কাঠ ফলা মিল জব্দ কৰে বন বিভাগৰ দলটোৱে । গোৱালপাৰা আঞ্চলিক বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত যোৱা বন বিভাগৰ দলটোৱে মিলটোৰ পৰা ২ লাখ টকাৰো অধিক মূল্যৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰে ।

জানিব পৰা মতে দীৰ্ঘদিন ধৰি জয়পুৰ পুৰাণ বজাৰত অবৈধ ভাৱে চলাই আহিছিল মিলটো । মঙলবাৰে নিশা বন বিভাগে মিলটোত অভিযান চলায় আৰু চোৰাং কাঠ জব্দ কৰে । কেৱল গোৱালপাৰাতে নহয়, ৰাজ্য আন বহু স্থানতো সম্প্ৰতি চোৰাং কাঠৰ ব্যৱসায়ীৰ দপদপনি অব্যাহত আছে । বন বিভাগে সময়ে সময়ে অভিযান চলাই থকাৰ মাজতো একাংশই অবৈধভাৱে চলাইছে কাঠ ফলা মিল ।
লগতে পঢ়ক:খোৱাঙৰ ব্যৱসায়ীয়ে নিজ মুখেৰে ব্যক্ত কৰিলে আক্ৰমণৰ কাহিনী

ABOUT THE AUTHOR

...view details