অসম

assam

ETV Bharat / state

দোষীক কৰায়ত্ত নকৰাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল গোৱালপাৰাৰ শিক্ষকসমাজ - হেলাপাখৰী টিলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীক প্ৰহাৰ

গোৱালপাৰাৰ মাটিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত হেলাপাখৰী টিলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক প্ৰহাৰৰ ৫ দিন উকলি যোৱাৰ পিচতো দুৰ্বৃত্তক কৰায়ত্ত কৰিব নোৱাৰাত গোৱালপাৰা জিলাৰ শিক্ষক শিক্ষয়িত্ৰীৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী।

গোৱালপাৰা শিক্ষকসমাজ

By

Published : Nov 13, 2019, 10:09 PM IST

গোৱালপাৰা, 13 নৱেম্বৰ: বৰ্তমানো ন্যায় পোৱা নাই হেলাপাশৰী টিলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিমাশ্ৰী দাসে ৷ 5 দিন উকলি যোৱা পিচতো প্ৰশাসনে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই দোষীক ৷ শিক্ষয়িত্ৰীগৰাকীৰ ন্যায়ৰ বাবে বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ৰাজপথলৈ ওলাই আহিল গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ সদস্যসকল ৷ প্ৰতিবাদত উত্তাল হৈ পৰিল জিলা উপায়ুক্ত কাৰ্যলয়ৰ চৌহদ।

জিলা খনৰ দুধনৈ, মাটিয়া, বালিজানা লক্ষীপুৰ,গোৱালপাৰা চহৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে ১৩ নৱেম্বৰত শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীৰ স্পষ্ট দাবী দুদিনৰ ভিতৰত হালিম নামৰ অভিযুক্তজনক কৰায়ত্ত কৰিব নোৱাৰিলে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কৰাৰ লগতে তলা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিব জিলাখনৰ প্ৰাথমিক সন্মিলনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷

গোৱালপাৰা শিক্ষকসমাজ

উল্লেখ্য যে চলিত মাহৰ 29 তাৰিখে মাটিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত হেলাপাশৰী টিলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিমাশ্ৰী দাসক কৰ্তব্যৰত অৱস্থাত হালিম নামৰ এজন যুৱকে উপৰ্যুপৰি প্ৰহাৰ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ৷ ঘটনাৰ 5 দিন উকলি যোৱা পিচতো প্ৰশাসনে দোষীক কৰায়ত্ব কৰিব নোৱাৰৰ বাবে ৰাজপথলৈ ওলাই আহে গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ সদস্যসকল ৷

ABOUT THE AUTHOR

...view details