অসম

assam

By

Published : May 1, 2021, 5:15 PM IST

ETV Bharat / state

ষ্ট্ৰং ৰুমত কৰ্তব্যৰত কৰ্মচাৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ 3

গোৱালপাৰা মহাবিদ্যালয়ত সংস্থাপিত ষ্ট্ৰং ৰুমত চিচি কেমেৰাৰ বিসংগতিক কেন্দ্ৰ কৰি বুধবাৰে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ কেন্দ্ৰটোত কৰ্তব্যৰত কৰ্মচাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত শনিবাৰে আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰে তিনিগৰাকী কৰ্মচাৰীক ৷

goalpara-strong-room-incident
ষ্ট্ৰং ৰুমত কৰ্তব্যৰত কৰ্মচাৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ 3 জন

গোৱালপাৰা,1 মে’: গোৱালপাৰাৰ ষ্ট্ৰং ৰুম কাণ্ডক লৈ উত্তেজনা অব্যাহত আছে । ষ্ট্ৰং ৰুমত কৰ্তব্যৰত কৰ্মচাৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰি শনিবাৰে আদালতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

গ্ৰেপ্তাৰ হোৱা তিনিজন লোক ক্ৰমে আবুশ্বামা, আলতাফ হুছেইন আৰু সাহাবুদ্দিন শ্বেখ । পৃথকে পৃথকে ৰুজু হোৱা দুটা গোচৰৰ ভিত্তিত গোৱালপাৰা সদৰ আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰি দেওবাৰে আদালতলৈ প্ৰেৰণ কৰে । গোচৰ দুটা ক্ৰমে 282/21, 284/21 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 342/323/171(c)/ 353/34 ধাৰাত ৰুজু কৰা হৈছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ।

ষ্ট্ৰং ৰুমত কৰ্তব্যৰত কৰ্মচাৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ 3 জন

উল্লেখ্য যে, গোৱালপাৰা মহাবিদ্যালয়ত সংস্থাপিত ষ্ট্ৰং ৰুমত চিচি কেমেৰাৰ বিসংগতিক কেন্দ্ৰ কৰি বুধবাৰে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ কংগ্ৰেছ দলৰ দুই বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু একে ৰছিদ আলমৰ উপৰিও কেইবাজন প্ৰাৰ্থীৰ লগতে ষ্ট্ৰং ৰুমৰ নিৰীক্ষণৰ দায়িত্বত থকা এজেণ্টসকলে নিশা এক-ডেৰ ঘণ্টাকৈ চিচি কেমেৰা ৰহস্যজনকভাৱে বন্ধ হৈ পৰা ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে বিয়লি উত্তপ্ত হৈছিল পৰিস্থিতি । ইয়াকে কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক: ৰাজ্যসমূহলৈ ৮,৮৭৩ কোটি টকা আৱণ্টন কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details