গোৱালপাৰা,২৫ ফেব্ৰুৱাৰী:যোৱা ১১ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিছিল অসম চৰকাৰৰ বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ । মহিলা সবলীকৰণৰ বাবে চৰকাৰে আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ আত্মসহায়ক গোট সমূহত আৰ্থিক অনুদান আৰু জীৱিকা সখী সকলক স্কুটী প্ৰদান কৰা হ'ব । তাৰ অংশ স্বৰূপে বৃহস্পতিবাৰে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ গােৱালপাৰা জিলা অভিযান পৰিচালনা গােটৰ উদ্যোগত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । য'ত বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত ২৪৬১ টা আত্মসহায়ক গােটক ৫০ হাজাৰকৈ সৰ্বমুঠ ১২ কোটি ৩০ লাখ ৫০ হাজাৰ টকা আৰু জীৱিকা সখী এক্সপ্ৰেছ নামেৰে বিভিন্ন উন্নয়ন খণ্ডৰ অধীনস্থ জীৱিকা সখী সকলক একোখনকৈ স্কুটী আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । এই অনুষ্ঠানত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আনুষ্ঠানিক ভাৱে বিতৰণ কৰে আৰ্থিক অনুদান আৰু স্কুটীসমূহ ।
গোৱালপাৰাত মহিলাসকলক আৰ্থিক অনুদান আৰু স্কুটী বিতৰণ - জীৱিকা সখী এক্সপ্ৰেছৰ প্ৰতি গৰাকী সখীক স্কুটী প্ৰদান
গোৱালপাৰাত জীৱিকা সখী এক্সপ্ৰেছৰ প্ৰতি গৰাকী সখীক স্কুটী প্ৰদান কৰা হয় লগতে মহিলা সবলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত আৰ্থিক অনুদান বিতৰণ কৰা হয় ।
গোৱালপাৰাত মহিলাসকলক আৰ্থিক অনুদান আৰু স্কুটী বিতৰণ
সভাত গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, জিলা গ্রামােন্নয়ন অভিকৰণ বিষয়া কিশোৰ ঠাকুৰীয়া,অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ প্রকল্প কার্যবাহী দেৱপ্রতিম ভূঞাসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:এতিয়াও প্ৰস্তুত হোৱা নাই মহাজোটৰ ন্যূনতম উমৈহতীয়া কৰ্মসূচী