অসম

assam

ETV Bharat / state

উন্নয়নত সদিচ্ছাৰ অভাৱ গড়কাপ্টানি বিভাগৰ - পথ বিধ্বস্ত

লক্ষীপুৰৰ পৰা থৰ্কো হৈ মেঘালয়ৰ টিক্ৰিকিল্লাৰে সুদূৰ মানকাচাৰলৈ যোৱা পথছোৱা বিগত প্ৰায় তেৰটা বছৰে বিধ্বস্ত অৱস্থাত পৰি ৰৈছে ৷ শীঘ্ৰেই পথচোৱা মেৰামতি কৰাৰ আহ্বান স্থানীয় ৰাইজৰ ৷

উন্নয়নত সদিচ্ছাৰ অভাৱ গড়কাপ্টানি বিভাগৰ

By

Published : Apr 4, 2019, 4:09 PM IST

গোৱালপাৰা,4এপ্ৰিলঃ গোৱালপাৰা জিলাৰ এটা অতি ব্যস্ত পথ ৷ জিলাখনৰ লক্ষীপুৰৰ পৰা থৰ্কো হৈ মেঘালয়ৰ টিক্ৰিকিল্লাৰে সুদূৰ মানকাচাৰলৈ যোৱা এই পথচোৱা বিগত তেৰ বছৰ ধৰিবিধ্বস্ত অৱস্থাত পৰি ৰৈছে ৷স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গড়কাপ্তানি বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিৰ উপেক্ষাত এইদৰেউন্নয়নৰ মুখ দেখাৰ পৰা বঞ্চিত হৈছেপথটো ৷ প্ৰায় তেৰটা বছৰে এইদৰে বিধ্বস্ত হৈ পৰি ৰোৱা পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত ৷ এনেকুৱা অৱস্থাৰে বছৰ বছৰ ধৰি যাতায়াত অব্যাহত ৰাখিছে স্থানীয় ৰাইজে ৷

উন্নয়নত সদিচ্ছাৰ অভাৱ গড়কাপ্টানি বিভাগৰ

এ আই ইউ ডি এফৰ বদৰউদ্দিন আজমলৰ সমষ্টিটোত এইদৰে বছৰ বছৰ ধৰি ৰাইজে প্ৰতাৰণাৰ বলি হৈ আহিছে ৷ নিৰ্বাচনৰ সময়ত ৰাইজৰ আগত ভোটা তৰাৰ দৰে দেখা দিয়া আজমলে মুখেৰে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পাচত পাহৰি যায় সকলো ৷এনে অৱস্থাত শীঘ্ৰেই পথচোৱা মেৰামতি কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজ তথা বিশেষ অসুবিধাৰ সন্মুখীন হৈ অহাশিক্ষাৰ্থীসকলে ৷

ABOUT THE AUTHOR

...view details