গোৱালপাৰা, 17 মে’:গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা ৷ ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধীক্ষক মুৱাজ্জীন হুচাইনৰ পৌৰহিত্যত অনুষ্ঠিত সজাগতা সভাখনত প্ৰায় পাঁচ শতাধিক লোকৰ লগতে বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷
গোৱালপাৰাত পথ সুৰক্ষা সজাগতা সভা - পথ সুৰক্ষা সজাগতা সভা
কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি ওৱেছিছ ট্ৰাষ্টৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা ৷
কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি ওৱেছিছ ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হয় এই সজাগতা সভাখন ৷ সভাখনত মূখ্য অতিথি হিচাপে পশ্চিম গোৱালপাৰা কলেজৰ প্ৰবক্তা আব্দুল লতিফ মোল্যা আৰু ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আকবৰ আলী আকন্দেয়ে পথ সুৰক্ষা সন্দৰ্ভত বহলাই বক্তব্য আগবঢ়ায় ৷
সভাখনত ৰাজমিতা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাপতি নাছিৰউদ্দিন তালুকদাৰে পথ সুৰক্ষা, যাতায়াত আৰু যোগাযোগৰ ওপৰত বিভিন্ন দিশত বক্তব্য আগবঢ়াই পথ সুৰক্ষা সন্দৰ্ভত নীতি-নিয়ম মানি চলিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ।