গোৱালপাৰা,২৪ মে' : সুলভ মূল্যৰ এটকীয়া চোৰাং চাউলৰ বিৰুদ্ধে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই চলালে আকস্মিক অভিযান । মৰনৈ থানাৰ অন্তৰ্গত ডুবাপৰাৰ ফজল আলিৰ বাসগৃহৰ পৰা জব্দ কৰে ২১৪ বস্তা সুলভ মূল্যৰ এটকীয়া চাউল ।
কোনে খালে দুখীয়াৰ চাউল ? - etv_bharat_assam
বস্তাই বস্তাই জব্দ হ'ল এটকীয়া চোৰাং চাউল । গোৱালপাৰা জিলা উপায়ুক্তৰ আকস্মিক অভিযানত পোহৰলৈ আহিল এটকীয়া চাউলৰ ভয়ংকৰ তথ্য ।
![কোনে খালে দুখীয়াৰ চাউল ?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3372472-30-3372472-1558701528676.jpg)
কোনে খালে দুখীয়াৰ চাউল !
কোনে খালে দুখীয়াৰ চাউল !
জিলা উপায়ুক্তৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে আটক কৰে চোৰাং চাউলৰ বস্তা সলনি কৰা আৰু চাউল স্থানান্তৰ কৰাৰ কামত নিয়োজিত চাৰিগৰাকীকৈ শ্ৰমিকক,লগতে জব্দ কৰে শ্ৰমিক সকলে ব্যৱহাৰ কৰা দা আৰু বস্তা চিলাই কৰা মেচিন । পিছত এই জব্দকৃত বৃহৎ পৰিমাণৰ চাউল জিলাখনৰ যোগান বিভাগ আৰু মৰনৈ থানা আৰক্ষীয়ে জিম্মাত লৈ জমা কৰি ৰাখে সূৰ্যগিৰী সমবায় সমিতিৰ গুদামত । উল্লেখ্য যে, ফজল আলীয়ে বৰপেটাৰ পৰা নদী পথেৰে সৰবৰাহ কৰি দীৰ্ঘদিন ধৰি চলাই আহিছিল চৰকাৰী চাউলৰ ৰমৰমীয়া ব্যৱসায় ।