অসম

assam

ETV Bharat / state

ৰংজুলিত সংঘটিত ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আটক

গোৱালপাৰাৰ ৰংজুলিত ষষ্ঠীৰ নিশা সংঘটিত হোৱা জঘন্য ঘটনাৰ তিনি অভিযুক্তক মঙলবাৰে আটক আৰক্ষীৰ ৷ ভুক্তভোগী তিনিগৰাকী কিশোৰীৰ এগৰাকীয়ে সমগ্ৰ ঘটনা ফেচবুকযোগে ভাইৰেল কৰাৰ পাচত ৰংজুলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু বড়ো ছাত্ৰ সন্থাই অভিযুক্ত তিনি ধৰ্ষণকাৰীক সোধ-পোচ কৰে ৷

By

Published : Oct 28, 2020, 1:48 PM IST

Goalpara Rangjuli rape case
ৰংজুলিত সংঘটিত ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আটক

বকো,28 অক্টোবৰ : দুৰ্গা পূজাৰ আনন্দৰ মাজতে ষষ্ঠীৰ নিশা গোৱালপাৰা জিলাৰ ৰংজুলিত সংঘটিত হোৱা এক জঘন্য ঘটনাৰ তথ্য পোহৰলৈ আহিছে । পূজা দেখুৱাবলৈ নি তিনি যুৱকে অষ্টম আৰু নৱম শ্ৰেণীত পঢ়ি থকা তিনিগৰাকী কিশোৰীৰ সৈতে বলপূৰ্বক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন।

ৰংজুলিত সংঘটিত ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আটক

ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত এই ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ ৷ ভুক্তভোগী এগৰাকী কিশোৰীয়ে ফেচবুকৰ জৰিয়তে সম্পূৰ্ণ ঘটনাটো ভাইৰেল কৰাৰ পাচতে মঙলবাৰে ৰংজুলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু বড়ো ছাত্ৰ সন্থাই এখন সভা আয়োজন কৰি ভুক্তভোগী কিশোৰী তিনি গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযুক্ত তিনিটাক মাতি নি সোধ-পোচ কৰাত অভিযুক্ত তিনিটাই স্বীকাৰ কৰে ।

অভিযুক্ত ধৰ্ষণকাৰী তিনিটা ৰংজুলিৰ সৌৰভ দাস,বাপুকণ দাস আৰু হিৰণ সূত্ৰধৰ বুলি চিনাক্ত কৰা হৈছে । অভিযুক্ত বাপুকণ দাস আৰু হিৰণ সূত্ৰধৰক ৰংজুলি থানাত গতাই দিয়া হয় যদিও বৰ্তমানো পলাতক অৱস্থাত আছে সৌৰভ দাস ৷

লগতে পঢ়ক :অত্যাচাৰ সহিব নোৱাৰি স্বামীক নৃশংসভাৱে হত্যাৰ চেষ্টা পত্নীৰ

ABOUT THE AUTHOR

...view details