গোৱালপাৰা, 24 জানুৱাৰী : গোৱালপাৰাত দেওবাৰে কৃষক সভাসহ কেবাটাও দল সংগঠনে আনন্দ বজাৰ ৰে‘ল ষ্টেচনত এক ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে । শৰাইঘাট এক্সপ্ৰেছ ৰে‘লখন গোৱালপাৰাত ৰখোৱা আৰু যাত্ৰীবাহী স্থানীয় ৰে‘লৰ চলাচল আৰম্ভ কৰাৰ দাবীৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় । গোৱালপাৰাত আমছু, চিটু, গণতান্ত্ৰিক মহিলা সমিতি আৰু কৃষক সভাৰ যুটীয়া উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ।
গোৱালপাৰাত শৰাইঘাট এক্সপ্ৰেছ ৰখোৱাৰ দাবীত প্ৰতিবাদ
শৰাইঘাট এক্সপ্ৰেছ ৰখোৱা আৰু যাত্ৰীবাহী স্থানীয় ৰে‘লৰ চলাচল আৰম্ভ কৰাৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ আমছু, চিটু, গণতান্ত্ৰিক মহিলা সমিতি আৰু কৃষক সভাৰ ৷ আনন্দ বজাৰ ৰে‘ল ষ্টেচনত দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই ৷
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ ৰেল মন্ত্ৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, আমাৰ দাবী মানিবই লাগিব, যাত্ৰীবাহী ৰেলসমুহ চলাচলৰ ব্যৱস্থা কৰক আদি বিভিন্ন শ্ল‘গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
ইয়াৰ পিছতো যদি যাত্ৰীবাহী ৰে‘লসমুহ চলাচলৰ ব্যৱস্থা গ্ৰহণ নকৰে; তেন্তে আগন্তুক সময়ত জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ‘ব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে । এই সম্পৰ্কে সংগঠন চাৰিটাই যৌথভাৱে গোৱালপাৰা টাউন ৰে‘লৱে আস্থান অধীক্ষকৰ জৰিয়তে মালিগাঁৱস্থ এন এফ ৰে‘লৱেৰ জেনেৰেল মেনেজাৰলৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।
লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালক ত্যাজ্য পুত্ৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ