গোৱালপাৰাত ধৰ্ষণকাৰী শ্বাহজাহান আলীক কঠোৰ শাস্তি দিয়াৰ দাবীত সমদল
ধৰ্ষণকাৰী শ্বাহজাহান আলীক কঠোৰ শাস্তি দিয়াৰ দাবীত ফাষ্টট্ৰেক আদালতৰ দ্বাৰা বিচাৰ প্ৰক্ৰিয়াৰে শিশু নিৰ্যাতনকাৰীক শাস্তি দিয়ক, নাৰী সুৰক্ষা নিশ্চিত কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক,মদ, জুৱা, ভাং, তীৰ খেল বন্ধ কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে
গোৱালপাৰা, 11 এপ্ৰিলঃ শিশুক যৌন নিৰ্যাতনৰ চলোৱা শ্বাহজাহান আলীক কঠোৰ শাস্তি দিয়াৰ দাবীত গোৱালপাৰাত মহিলাৰ প্ৰতিবাদী সমদল । চহৰ খনৰ মাদ্ৰাছা খেলপথাৰৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ উলিওৱা হয় এই প্ৰতিবাদী সমদল । শতাধিক পুৰুষ মহিলাই যৌথভাৱে উলিওৱা এই প্ৰতিবাদী সমদলত লোকসকলে যৌন নিৰ্যাতনকাৰী শ্বাহজাহান আলীক দৃষ্টান্ত মূলক শাস্তি দিয়ক, ফাষ্টট্ৰেক আদালতৰ দ্বাৰা বিচাৰ প্ৰক্ৰিয়াৰে শিশু নিৰ্যাতনকাৰীক শাস্তি দিয়ক, নাৰী সুৰক্ষা নিশ্চিত কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক,মদ, জুৱা, ভাং, তীৰ খেল বন্ধ কৰক আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷