অসম

assam

By

Published : Nov 1, 2019, 5:02 AM IST

Updated : Nov 1, 2019, 8:44 AM IST

ETV Bharat / state

গোৱালপাৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

গোৱালপাৰা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত কঁপিল জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ। অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন অনা চৰকাৰী সংস্থা (NGO)লৈ হস্তান্তৰ কৰাক লৈ মধাহ্ন ভোজন কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

গোৱালপাৰাত মধাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

গোৱালপাৰা, 31 অক্টোবৰঃ বৃহস্পতিবাৰে গোৱালপাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ জিলাখনৰ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন গোৱালপাৰা জিলা কমিটিৰ কৰ্মচাৰীসকলে জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত সাব্যস্ত কৰে প্ৰতিবাদ ৷ অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিখন অনা চৰকাৰী সংস্থা (NGO)লৈ হস্তান্তৰ কৰাক লৈ কৰ্মচাৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ এই আঁচনিখন অনা চৰকাৰী সংস্থালৈ হস্তান্তৰ কৰিলে ২০০৫ চনৰ পৰা কাম কৰি অহা ৰন্ধন কৰ্মীসকলে হেৰুৱাব লাগিব পাৰে চাকৰি ৷ আনকি ৰন্ধন কৰ্মীসকলক বৰ্তমান চৰকাৰে মাহিলী বানচ হিচাপে দিয়া এহাজাৰ টকাও হ্ৰাস কৰিবলৈ লোৱা সিদ্ধান্তত ক্ষোভিত হৈ পৰে কৰ্মীসকল ৷

গোৱালপাৰাত মধাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

অন্য এক খবৰৰ বাবে:আৰম্ভ হ'ল গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

প্ৰতিবাদকাৰী সকলৰ দাবী, চৰকাৰে লোৱা এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক ৷ অন্যথা এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব চৰকাৰ ৷

Last Updated : Nov 1, 2019, 8:44 AM IST

ABOUT THE AUTHOR

...view details