সৌভাগ্য আঁচনিৰ নামত চূড়ান্ত প্ৰতাৰণা শক্তি বিভাগৰ - সৌভাগ্য আঁচনি
সৌভাগ্য আঁচনিৰ নামত গোৱালপাৰাৰ চেংপতা গাঁৱৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা শক্তি বিভাগৰ , বৈদ্যুতিক মিটাৰৰ নামত এহাজাৰ টকাকৈ সংগ্ৰহ বিভাগীয় ঠিকাদাৰৰ
গোৱালপাৰা, 20 আগষ্টঃ সৌভাগ্য আঁচনিৰ নামত গোৱালপাৰাৰ চেংপতা গাঁৱৰ ৰাইজক চূড়ান্ত প্ৰতাৰণা শক্তি বিভাগৰ ৷ বিগত ডেৰ বছৰে বিদ্যুৎ সংযোগ নিদি ছলাহী কথাৰে প্ৰৱঞ্চনা কৰি আহিছে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ৷ গাঁও খনৰ প্ৰায় পঞ্চাছটা পৰিয়ালৰ পৰা বৈদ্যুতিক মিটাৰৰ নামত এহাজাৰ টকাকৈ সংগ্ৰহ কৰিছিল বিভাগীয় ঠিকাদাৰে ৷ কিন্তু ইয়াৰ পাছতো বিদ্যুৎ সেৱা লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে ৷ স্থানীয় ৰাইজে ঠিকাদাৰৰ অধীনত কাম কৰা ৰফিকুল নামৰ এজন লোকে বিনামূলীয়াকৈ পাব লগা প্ৰত্যেকটো মিটাৰৰ বাবদ এজাহাৰ টকাকৈ ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ৷ অৱশেষত বিদ্যুৎ সেৱাৰ নামত প্ৰৱঞ্চিত হৈ অহা ৰাইজে মঙলবাৰে শক্তি বিভাগৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে বিদ্যুৎ সংযোগৰ দাবী জনাইছে ৷