গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰাৱস্থা
বিগত প্ৰায় বিশ বছৰ ধৰি বিধ্বস্ত হৈ ৰোৱা পথটোত গড়কাপ্টানী বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ
গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰাৱস্থা
গোৱালপাৰা, 25 এপ্ৰিলঃ গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লক্ষীপুৰৰ পৰা টিক্ৰিকিল্লালৈ যোৱা পথৰ দুৰৱস্থা ৷ বিগত প্ৰায় বিশ বছৰ ধৰি বিধ্বস্ত অৱস্থাত পৰি ৰৈছে পথটো। তথাপিও পথটোৰ উন্নয়নত স্থানীয় বিধায়কৰ লগতে গড়কাপ্তানী বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ গোৱালপাৰাত কোনো গড়কাপ্তানী বিভাগ নাই বুলি মন্তব্য ক্ষুব্ধ ৰাইজৰ ৷