গোৱালপাৰা, ১২ অক্টোবৰ: গোৱালপাৰাপাৰা জিলাৰ খৰমুজা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰৌমাৰী গাঁও পঞ্চায়তত অবাধ দুৰ্নীতি হোৱাৰ অভিযোগ তুলি ক্ষোভ উজাৰিলে ৰাইজে। ৰাখালডুবি গাঁৱৰ মূল পথটোত এটা বিধ্বস্ত কালভাৰ্ট আছে। ৰাইজৰ বাৰম্বাৰ অনুৰোধৰ পিছতো আজিলৈ কালভাৰ্টটো মেৰামতি নহ'ল।
গোৱালপাৰাৰ ৰাখালডুবিত কালভাৰ্ট নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ - কালভাৰ্ট
কালভাৰ্ট নিৰ্মাণক লৈ গোৱালপাৰাৰ ৰাখালডুবি গাঁৱত উত্তপ্ত পৰিস্থিতি। ৰৌমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাখালডুবিত কালভাৰ্ট নিৰ্মাণৰ নকৰাকৈয়ে ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
কিন্তু,কালভাৰ্ট নিৰ্মাণ নকৰাকৈয়ে ৩ লাখ টকা মোকলাই লোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পঞ্চায়তৰ সদস্য়,চৰকাৰী একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰে এই কেলেংকাৰীৰে জড়িত দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাখালডুবিৰ ৰাইজে। উল্লেখ্য যে,বিধ্বস্ত কালভাৰ্টটোৰ বাবে ৰাইজে দীৰ্ঘদিন ধৰি হাৰাশাস্তি ভুগি আহিছে। এতিয়া কালভাৰ্ট নিৰ্মাণৰ নামত আবণ্টিত ধন নিৰ্মাণকাৰ্য নোহোৱাকৈ হৰলুকি হোৱাত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে।
লগতে পঢ়ক:বঙাইগাঁৱত ড্ৰাগছ আৰু ধপাতৰ বিৰুদ্ধে সজাগতা অনুষ্ঠান