অসম

assam

ETV Bharat / state

গোৱালপাৰাত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা, আটক 2 - অৰুণাচলী সুৰা জব্দ গোৱালপাৰা়

পূৰ্বতেও নিপুল ৰাভাৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল অবৈধ সুৰা। এই দুই সুৰা ব্যৱসায়ীয়ে গোৱালপাৰাৰ নৰনাৰায়ণ প্ৰহৰী চকীৰ কাষতে ঘাটি পাতি দীৰ্ঘ দিনৰ পৰা অৰুণাচলী সুৰাৰ ব্যৱসায় চলাইছিল।

অৰুণাচলী সুৰা জব্দ
অৰুণাচলী সুৰা জব্দ

By

Published : Nov 30, 2019, 8:40 PM IST

গোৱালপাৰা, 30 নৱেম্বৰ: গোৱালপাৰাত আৱকাৰী বিভাগৰ যুটীয়া অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ অৰুণাচলী বিলাতী সুৰা। জিলাখনৰ খাৰবোজাৰ নিপুল ৰাভা আৰু ৰাজেশ কুমাৰ ৰাভাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে সুৰাখিনি জব্দ কৰাৰ লগতে আটক কৰে দুই সুৰা ব্যৱসায়ীক । ৰাজ্যখনৰ দুৰ্নীতি নিবাৰক শাখা, মুখ্যমন্ত্ৰীৰ তদাৰকী শাখা আৰু আৱকাৰীৰ চোৰাং শাখাই অভিযান চলাই গোৱালপাৰাৰ খাৰবোজাত জব্দ কৰে প্ৰায় দহ লক্ষাধিক টকাৰ ৩৫০ কাৰ্টুন অৰুণাচলী সুৰা।

অৰুণাচলী সুৰা জব্দ

উল্লেখ্য যে, অৰুণাচলী সুৰাৰ বটলত অসমৰ সুৰাৰ লেবেল লগাই এই সুৰা বিভিন্ন সুৰা বিপনী, ধাবা আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰি কৰিছিল এই দুই সুৰা ব্যৱসায়ীয়ে। পূৰ্বতেও নিপুল ৰাভাৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল অবৈধ সুৰা। এই দুই সুৰা ব্যৱসায়ীয়ে গোৱালপাৰাৰ নৰনাৰায়ণ প্ৰহৰী চকীৰ কাষতে ঘাটি পাতি দীৰ্ঘ দিনৰ পৰা অৰুণাচলী সুৰাৰ ব্যৱসায় চলাইছিল

অৰুণাচলী সুৰা জব্দ

লগতে পঢ়ক: দক্ষিণ শালমাৰাত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details