অসম

assam

ETV Bharat / state

সুৰংগৰ ভিতৰত আৰক্ষীয়ে উৎখাত কৰিলে ড্ৰাগছৰ মিনি ফেক্টৰী

ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে গোৱালপাৰা জিলা । পিছপৰি ৰোৱা নাই জিলা আৰক্ষী, ড্ৰাগছৰ ঘাটিত আৰক্ষীৰ শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ উদ্ধাৰ হ’ল নগদ ধন ।

goalpara-police-rescues-drugs-after-a-thrilling-mission
সুৰংগৰ ভিতৰৰ পৰা আৰক্ষীয়ে উৎখাত কৰিলে ড্ৰাগছৰ মিনি ফেক্টৰী

By

Published : Jul 1, 2021, 9:18 PM IST

গোৱালপাৰা, 1 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Bishwa Sarma) নেতৃত্বাধীন বিজেপি(BJP) চৰকাৰখনে ইতিমধ্যে ডেৰ মাহ অতিক্ৰম কৰিছে ৷ বিগত সময়চোৱাত চৰকাৰখনৰ গৃহ বিভাগৰ তত্বাৱধানত সমগ্ৰ ৰাজ্যতে আইন-শৃংখলা ব্যৱস্থাত গুৰুত্ব দি অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে(Assam police) নতুন ৰেকৰ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ কৰ’ণা সৃষ্ট আংশিক লক ডাউনত ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব সুকলমে পালন কৰিও সমান্তৰালভাৱে অপৰাধ নিয়ন্ত্ৰণ আৰু বিশেষকৈ ড্ৰাগছ আৰু অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে ঘোষণা কৰা জেহাদক এতিয়া ৰাজ্যবাসীয়ে একেমুখে শলাগ লৈছে ৷

সুৰংগৰ ভিতৰৰ পৰা আৰক্ষীয়ে উৎখাত কৰিলে ড্ৰাগছৰ মিনি ফেক্টৰী

এনে সময়তে, ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে গোৱালপাৰা জিলা। শেহতীয়াকৈ বৃহস্পতিবাৰে, জিলাখনৰ এটা ড্ৰাগছৰ ঘাটিত গোৱালপাৰা আৰক্ষী(Goalpara police)য়ে চলালে অভিযান । এই অভিযানত গোৱালপাৰাৰ ভালুকডুবি অঞ্চলৰ জাহাংগীৰ আলম নামৰ ব্যক্তি জনৰ গৃহত স্থাপন কৰা ড্ৰাগছ প্ৰস্তুত কৰা কাৰখানাত আৰক্ষীয়ে সফলতাৰে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা ড্ৰাগছ সেৱন কৰা বিভিন্ন সামগ্ৰী । লক্ষ্যণীয় ভাৱে, ঘৰৰ ভেটিত সুৰংগ সাজি জাহাংগীৰ আলমে চলাই আছিল ড্ৰাগছৰ ব্যৱসায় । এই অভিযানকালত আৰক্ষীয়ে নগদ ১ লাখ টকাৰ লগতে প্ৰায় দহ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, ড্ৰাগছৰ ব্যৱসায়ৰ জৰিয়তে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে জাহাংগীৰ আলম । ইতিমধ্যে, আৰক্ষীয়ে জাহাংগীৰৰ লগতে তেওঁৰ পত্নী ছাবিনা ইয়াচমিন আৰু সহযোগী ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰি গোৱালপাৰা সদৰ থানালৈ প্ৰেৰণ কৰিছে ৷ এই সকলৰ সৈতে ড্ৰাগছৰ বৃহৎ চক্ৰ(drugs racket) জড়িত হৈ থকাৰ সন্দেহত সম্প্ৰতি আৰক্ষীয়ে তিনিওৰে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :অখিল গগৈ(Akhil Gogoi)ৰ মুক্তিৰ সন্দৰ্ভত ভিন্নজনৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details