অসম

assam

ETV Bharat / state

হত্যাকাণ্ডৰ এবছৰৰ পাচত গ্ৰেপ্তাৰ গোৱালপাৰাৰ চুপাৰি কিলাৰ - গোৱালপাৰাৰ আগিয়া আৰক্ষী থানা

অৱশেষত গ্ৰেপ্তাৰ হ’ল গোৱালপাৰাত ধনৰ বিনিমিয়ত হত্যা কৰা তাপস ৰাভাৰ হত্যাকাৰী (Goalpara police arrested Supari Killer) ৷ প্ৰায় এটা বছৰৰ পূৰ্বে সম্বন্ধীয় খুৰাকে তাপস ৰাভাক হত্যা কৰিবলৈ ১০ হাজাৰ টকা দিছিল মনোজ ৰাভা আৰু তেওঁৰ সহযোগীক ৷ অৱশ্যে আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত মনোজ ৰাভাই সমগ্ৰ ঘটনা সংঘটিত কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে ৷

Goalpara police arrested Supari Killer after a year
এবছৰৰ পাচত গ্ৰেপ্তাৰ গোৱালপাৰাৰ চুপাৰি কিলাৰ

By

Published : Jun 12, 2022, 6:56 PM IST

গোৱালপাৰা, ১২ জুন : গোৱালপাৰাত পোহৰলৈ আহিছে ধন লৈ হত্যা কাণ্ড সংঘটিত কৰা এক ঘটনা । প্ৰায় এবছৰ পূৰ্বে গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত হাতীগাঁৱত সংঘটিত হোৱা এটা হত্যাকাণ্ডৰ তথ্য বৰ্তমান পোহৰলৈ আহিছে (Goalpara police arrested Supari Killer) ৷ অভিযোগ অনুসৰি, কেইটামান টকাৰ বিনিময়ত সম্বন্ধীয় নিজ খুৰাকে হত্যা কৰে ভতিজাকক ৷

ঘটনাৰ বিৱৰণি অনুসৰি, প্ৰায় এটা বছৰ পূৰ্বে গোৱালপাৰাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত হাতীগাঁৱৰ সুকুমাৰ ৰাভা নামৰ এজন লোকে নিজৰ ভতিজাক তাপস ৰাভাক হত্যা কৰিবলৈ দহ হাজাৰ টকাৰ চুপাৰি দিছিল মনোজ ৰাভা নামৰ এজন যুৱকক । তথ্য অনুসৰি, ২০২১ চনৰ ৩১ আগষ্ট তাৰিখে পুৱা প্ৰায় ৪ বজাত নিজৰ ৰবৰ বাগানত ৰবৰ কাটি আছিল তাপস ৰাভাই ৷ তেনে সময়তে মনোজ ৰাভাৰ সৈতে আন দুজন ব্যক্তিয়ে শিল এটাৰ আঁৰত লুকাই থাকি নিচেই ওচৰৰ পৰা তাপস ৰাভাক গুলীয়াই হত্যা কৰে (Goalpara murder case) ৷

গ্ৰেপ্তাৰ হ’ল গোৱালপাৰাত ধনৰ বিনিমিয়ত হত্যা কৰা তাপস ৰাভাৰ হত্যাকাৰী

অৱশ্যে ঘটনা সন্দৰ্ভত তেতিয়া আৰক্ষীয়ে কোনো শুং-সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও আৰক্ষীয়ে নিজাববীয়াকৈ এই সন্দৰ্ভত চলাই গৈছিল অভিযান ৷

লগতে পঢ়ক :Suicide case at Jania: FREE FIRE গেম খেলাত বাধা দিয়াৰ বাবেই আত্মহত্য়া ছাত্ৰৰ

এই হত্যাকাণ্ডৰ প্ৰায় এটা বছৰৰ পাচত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আগিয়া আৰক্ষীয়ে লাভ কৰিছিল তথ্য ৷ এই তথ্যৰ আধাৰতে তাপস ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত খুৰাক সুকুমাৰ ৰাভাক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জেৰাত সুকুমাৰ ৰাভাই তাপস ৰাভাক হত্যা কৰিবলৈ মনোজ ৰাভা আৰু তেওঁৰ সংগী জগু ৰাভাক দহ হাজাৰ টকাৰ চুপাৰি দিয়াৰ কথাও স্বীকাৰ কৰে ।

এবছৰৰ পাচত গ্ৰেপ্তাৰ গোৱালপাৰাৰ চুপাৰি কিলাৰ

এই স্বীকাৰ উক্তিৰ ভিত্তিত যোৱা ১০ জুনৰ নিশা অসম মেঘালয়ৰ সীমান্তৱৰ্তী মেঘাদামৰ পৰা হত্যাকাৰী মনোজ ৰাভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Supari Killer arrested in Goalpara) । অভিযুক্ত মনোজ ৰাভাৰ স্বীকাৰউক্তিৰ ভিত্তিত, ১১ জুনৰ বিয়লি ভাগত আৰক্ষীয়ে হাতীগাঁৱৰ ৰাইজৰ সহযোগত মেঘাদামৰ এখন জংঘলৰ পৰা লুকুৱাই ৰখা অৱস্থাত তাপসৰ হত্যাকাণ্ডত ব্যৱহৃত হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইফালে আগিয়া আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, দেওবাৰে হত্যাকাৰী মনোজ ৰাভাক জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷ লগতে বৰ্তমানেও পলাতক হৈ থকা অভিযুক্ত জগু ৰাভাক শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷ ইফালে ভুক্তভোগী তাপস ৰাভাৰ পৰিয়াল তথা আত্মীয়ই দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক :আশ্ৰয় দিয়া প্ৰতিবেশীৰ হাততে প্ৰাণ গ’ল চাহ মজদুৰ নেতা ৰাজু গোৱালাৰ

ABOUT THE AUTHOR

...view details