গোৱালপাৰা, 16 নৱেম্বৰ: জেহাদীৰ মূল ঘাটি হৈ পৰিছে ৰাজ্যখনৰ গোৱালপাৰা জিলা ৷ তথ্য অনুসৰি, ২৩ নৱেম্বৰৰ দিনা হাৰিয়ানা আৰু পাঞ্জাৱৰ পৰা অহা দুই জেহাদী ছাহিল খান আৰু জামিল খানে চহৰখনৰ মধুবন ল'জৰ ১০২ নং কোঠাটো বুক কৰে। সেই কোঠাটোতে গোৱালপাৰাৰ তিনি জেহাদীৰ স'তে মিলি চাহিল খান আৰু জামিল খানে দুধনৈ ৰাসত পৰীক্ষামূলকভাৱে বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰে যদিও দিল্লী আৰক্ষীৰ বিশেষ শাখা আৰু গোৱালপাৰা আৰক্ষীৰ যুটীয়া অভিযানত 5 দুধৰ্ষ জেহাদী গ্ৰেপ্তাৰ হয় বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে মধুবন লজৰ এজন কৰ্মচাৰীয়ে। কিন্তু বৰ্তমানলৈ আৰক্ষী প্ৰশাসনে হাৰিয়ানা আৰু পাঞ্জাৱৰ দুই জেহাদীৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই। এই সন্দৰ্ভত চাওঁক আমাৰ এই প্ৰতিবেদন
দুধনৈৰ ৰাসত কূটাঘাতৰ লক্ষ্য কৰিছিল জেহাদীয়ে - দুধনৈৰ ৰাসত কূটাঘাতৰ লক্ষ্য কৰিছিল জেহাদীয়ে
গোৱালপাৰাৰ দুধনৈৰ ৰাসত পৰীক্ষামূলক বোমা বিস্ফোৰণৰ পৰিকল্পনা 5 জেহাদীৰ ৷ চহৰখনৰ মধুবন ল'জৰ ১০২ নং কোঠাত 5 জেহাদীয়ে বনাইছিল বোমা বিস্ফোৰণৰ ব্লুপ্ৰিন্ট ৷
5 জেহাদীয়ে বনাইছিল বোমা বিস্ফোৰণৰ ব্লুপ্ৰিন্ট
Last Updated : Nov 26, 2019, 7:16 PM IST