অসম

assam

গোৱালপাৰাত দেওৰৰ প্ৰহাৰত প্ৰাণ গ'ল বৌৱেকৰ

By

Published : Jan 16, 2021, 6:01 PM IST

গোৱালপাৰাৰ ভালুকডুবিত বিহুৰ আনন্দৰ মাজতে সংঘটিত হ'ল এক ভয়াৱহ ঘটনা । এডাল বাঁহৰ লাঠিৰে ৰাজু ৰাভাই ককায়েক ৰাজীৱ ৰাভাক প্ৰহাৰ কৰিবলৈ উদ্যত হোৱাৰ সময়তে বাধা দিবলৈ চেষ্টা কৰা বৌৱেক পদুলি ৰাভাৰ গাত পৰে প্ৰচণ্ড কোব । সংকটজনক অৱস্থাত পদুলি ৰাভাক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।

গোৱালপাৰাত দেওৰৰ প্ৰহাৰত প্ৰাণ গ'ল বৌৱেকৰ
গোৱালপাৰাত দেওৰৰ প্ৰহাৰত প্ৰাণ গ'ল বৌৱেকৰ

গোৱালপাৰা,১৬ জানুৱাৰী: গোৱালপাৰাৰ ভালুকডুবি বাৰচেং পাৰাত দেওৰৰ প্ৰহাৰত প্ৰাণ গ'ল বৌৱেকৰ । জানিব পৰা মতে, শুকুৰবাৰে নিশা ৰাজীৱ ৰাভা আৰু ৰাজীৱৰ ভাতৃ ৰাজু ৰাভাৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । ৰাজীৱৰ পত্নী পদুলি ৰাভাই স্বামী আৰু দেওৰেকক কাজিয়া কৰাত বাধা দিয়াৰ চেষ্টা কৰে । কিন্তু তৰ্ক-বিতৰ্ক মাৰপিটলৈ পৰিণত হয় । এডাল বাঁহৰ লাঠিৰে ৰাজু ৰাভাই ককায়েক ৰাজীৱ ৰাভাক প্ৰহাৰ কৰিবলৈ উদ্যত হয় ।

গোৱালপাৰাত দেওৰৰ প্ৰহাৰত প্ৰাণ গ'ল বৌৱেকৰ

সেই সময়তে পদুলি ৰাভাই বাধা দিবলৈ চেষ্টা কৰে আৰু দেওৰেকৰ হাতত থকা বাঁহৰ লাঠিৰ কোব পৰে পদুলি ৰাভাৰ বুকুত । লগে লগে পদুলি ৰাভা মাটিত ঢলি পৰে । তাৰ পিছতে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় লোকে তৎক্ষণাত পদুলি ৰাভাক গোৱালপাৰা অসামৰিক চিকিৎসলয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ইয়াৰ পিছত চোলেছ হাস্পতাললৈও লৈ যোৱা হয় যদিও চিকিৎসকে পদুলি ৰাভাৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জনায় । ঘটনা সংঘটিত কৰিয়েই মূল অভিযুক্ত ৰাজু ৰাভাই পত্নীসহ উক্ত স্থানৰ পৰা পলায়ন কৰে ।

গোৱালপাৰাত দেওৰৰ প্ৰহাৰত প্ৰাণ গ'ল বৌৱেকৰ

পিছত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী, উপ-আৰক্ষী অধীক্ষক ৰূপ জ্যোতি কলিতা আৰু আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে গোটেই নিশা বিচাৰ-খোচাৰ কৰাৰ পিছতো এতিয়ালৈকে হত্যাকাৰী ৰাজু ৰাভাক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই । সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :নগাঁৱত সাংবাদিকৰ সৈতে অন্তৰংগ আলাপ ৰূপক শৰ্মাৰ

ABOUT THE AUTHOR

...view details