অসম

assam

ETV Bharat / state

স্বাস্থ্যমেলাতো ৰাজনৈতিক মন্তব্য নকৰাকৈ নেৰিলে সাংসদ কুইন ওজাই

শনিবাৰে কামৰূপ জিলা স্বাস্থ্য বিভাগে নগৰবেৰাত অনুষ্ঠিত কৰে মহা স্বাস্থ্যমেলা । গুৱাহাটী সংসদীয় সমষ্টিৰ সাংসদ কুইন ওজাই শুভাৰম্ভ কৰে এই স্বাস্থ্যমেলাৰ ৷

নগৰবেৰাত কামৰূপ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মহা স্বাস্থ্যমেলা

By

Published : Aug 24, 2019, 9:49 PM IST

গোৱালপাৰা,24আগষ্টঃ বহু পলমকৈ হলেও শাৰ পালে কামৰূপ জিলা স্বাস্থ্য বিভাগে । প্ৰলয়ংকাৰী বানৰ পিছত বানপীড়িত অঞ্চলত স্বাস্থ্য শিবিৰ পাতি পীড়িত লোকসকলক চিকিৎসা প্ৰদান কৰিবলগীয়া আছিল যদিও সেয়া কাৰ্যক্ষেত্ৰত হৈ উঠা নাছিল । অৱশেষত শনিবাৰে কামৰূপ জিলা স্বাস্থ্য বিভাগে নগৰবেৰাত অনুষ্ঠিত কৰে এক মহা স্বাস্থ্যমেলা । গুৱাহাটী সংসদীয় সমষ্টিৰ সাংসদ কুইন ওজাই শুভাৰম্ভ কৰা স্বাস্থ্য শিবিৰত প্ৰখৰ ৰদ নেওচি বহু ৰোগীয়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰায় । এই মহাস্বাস্থ্য মেলাত স্বাস্থ্য বিভাগৰ ফালৰ পৰা পৰ্যাপ্ত ঔষধৰো ব্যৱস্থা কৰা হয় ।

নগৰবেৰাত কামৰূপ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মহা স্বাস্থ্যমেলা
ইপিনে মহাস্বাস্থ্য মেলা শুভাৰম্ভ কৰি ৰাজনীতিৰ কথা নকৈ নোৱাৰিলে সাংসদ কুইন ওজাই । বকো সমষ্টিত কংগ্ৰেছৰ শাসন চলা বাবেই ৰাইজৰ দুখ দুৰ্গতি শেষ হোৱা নাই বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details