অসম

assam

ETV Bharat / state

Goalpara Moral Policing Update:গোৱালপাৰা মৰেল পুলিচিংৰ ঘটনাৰ লগত জড়িত ১৩ অভিযুক্তক গ্ৰেপ্তাৰ - গোৱালপাৰা

গোৱালপাৰা শলমাৰীৰ মৰেল পুলিচৰ ঘটনাৰ লগত জৰিত ১৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ গ্ৰেপ্তাৰ হোৱা সকলক আগিয়া আৰক্ষীয়ে বুধবাৰে বিয়লি জিলা আদালতত হাজিৰ কৰায় ৷ সোমবাৰে নিশা চোৰৰ সন্দেহত ছেংচাং মাৰাক নামৰ যুৱকজনক একাংশ‌ উন্মাদ লোকে বিদ্যুতৰ খুঁটাত বান্ধি‌ বাঁহ লাঠি,ইটাৰ টুকুৰাৰে পাশৱিক অত্যাচাৰ কৰিছিল ৷

Goalpara Moral Policing Update
গোৱালপাৰা মৰেল পুলিচিংৰ ঘটনাৰ লগত জড়িত ১৩ অভিযুক্তক গ্ৰেপ্তাৰ

By

Published : Jul 26, 2023, 9:34 PM IST

গোৱালপাৰা মৰেল পুলিচিংৰ ঘটনাৰ লগত জড়িত ১৩ অভিযুক্ত গ্ৰেপ্তাৰ

গোৱালপাৰা, 26 জুলাই: গাৰ নোম শিয়ৰি উঠা গোৱালপাৰা শলমাৰীৰ মৰেল পুলিচিংৰ ঘটনাৰ লগত জড়িত ১৩ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ সোমবাৰে নিশা মৰেল পুলিচৰ আক্ৰমণত নিহত হৈছিল এজন ব্যক্তি ৷ ভুক্তভুগী পৰিয়ালে মঙলবাৰে আগিয়া আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ আগিয়া আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০(বি)/১৪৩/৩০২ ধাৰাত ১১৫/২০২৩ নং গোচৰ‌ ৰুজু কৰে ৷ মঙলবাৰৰ নিশাৰ পৰাই অভিযুক্ত সকলকৰ বিৰুদ্ধে অভিযান চলায় । বিগত 24 ঘণ্টাত ১৩ গৰাকীকৈ অভিযুক্ত আৰক্ষীৰ জালত পৰে ।

গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হ'ল প্ৰতুল দাস, প্ৰকাশ ৰাভা, ৰামপ্ৰসাদ দাস,ৰাতুল বিশ্বাস,ৰূপজ্যোতি ৰাভা, স্বপেন ৰাভা, উপাজিৎ ৰাভা, ৰাজকুমাৰ ৰাভা,ৰাতুল ৰাভা,চিবু মণ্ডল, গণেশ মোগৰ, মন্টু দাস আৰু ৰাজেন্দ্ৰ দাস ৷ গ্ৰেপ্তাৰ হোৱা সকল আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত শলমাৰী কল্যাণপুৰ বাঙালী বস্তিৰ।

গ্ৰেপ্তাৰ হোৱাসকলক আগিয়া আৰক্ষীয়ে বুধবাৰে বিয়লি জিলা আদালতত হাজিৰ কৰাই ৷ আদালতে সাক্ষ্য লোৱাৰ পিচত অভিযুক্তসকলৰ ভিতৰত ৭ গৰাকীক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে । আদালতে আৰক্ষীৰ জিম্মাত দিয়া অভিযুক্তসকল প্ৰকাশ ৰাভা,ৰাতুল বিশ্বাস,ৰূপজ্যোতি ৰাভা, ৰাজকুমাৰ ৰাভা, ৰাতুল ৰাভা, চিবু মণ্ডল আৰু গণেশ মোগৰ । আদালতে জেললৈ প্ৰেৰণ কৰা অভিযুক্তসকল প্ৰতুল দাস, ৰামপ্ৰসাদ দাস, স্বপন ৰাভা, উপাজিৎ ৰাভা, মন্টু দাস আৰু ৰাজেন্দ্ৰ দাস।

উল্লেখ্য যে শলমাৰীৰ কল্যাণপুৰ বাঙালীবস্তিত সোমবাৰে নিশা চোৰৰ সন্দেহত ছেংছেং মাৰাক নামৰ এজন যুৱকক একাংশ‌ উন্মাদ লোকে বিদ্যুতৰ খুঁটাত বান্ধি‌ বাঁহ লাঠি, ইটাৰ টুকুৰা আদিৰে মৰিয়াই মৰিয়াই পাশৱিক অত্যাচাৰ কৰি হত্যা কৰিছিল। নিশা ভুক্তভোগী ছেংচাং মাৰাকৰ ৰক্তাক্ত দেহৰ ক্ষতবিক্ষত অংশত নিমখ লগাইয়ো পাশৱিক অত্যাচাৰ চলাবলৈ কুণ্ঠাবোধ কৰা নাছিল‌ উন্মাদ দলটোৱে।

লগতে পঢ়ক:Goalpara Moral Policing: গোৱালপাৰাত মৰেল পুলিচিং; যুৱকক বিদ্যুতৰ খুঁটাত বান্ধি মৰিয়াই মৰিয়াই হত্যা

ABOUT THE AUTHOR

...view details