অসম

assam

ETV Bharat / state

গোৱালপাৰাত প্ৰাকৃতিক দৃশ্যৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ - প্ৰাকৃতিক দৃশ্যৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ

ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ভোগালীক আদৰাৰ বাবে ৰাজ্যবাসী ব্যস্ত হৈ থকাৰ মাজতেই গোৱালপাৰাবাসীয়ে প্ৰাকৃতিক দৃশ্যৰ আৰ্হিত সাজি উলিয়াইছে ভেলাঘৰ ৷

Goalpara magh bihu preparation
গোৱালপাৰাত প্ৰাকৃতিক দৃশ্যৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ

By

Published : Jan 10, 2020, 4:40 PM IST

গোৱালপাৰা,9জানুৱাৰী :সমাগত ভোগালী বিহু ৷ ৰাজ্যবাসীয়ে হেঁপাহৰ ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে ৷ পথাৰৰ খেতি চপাই আজৰি হৈছে কৃষকসকল, যুৱতি-মহিলা সকলেও নানাধৰণৰ পিঠা-পণাৰে সাজু হৈছে বিহুৰ বাবে ৷ ঠায়ে-ঠায়ে আকৌ ভেলাঘৰ সজাৰ চলিছে অঘোষিত প্ৰতিযোগিতা ৷ ক'ৰবাত যদি ৰাম মন্দিৰৰ আৰ্হিত ভেলাঘৰ সজাৰ প্ৰস্তুতি চলিছে ,ক'ৰবাত আকৌ চন্দ্ৰযান 2 ৰ আৰ্হিত সজা হৈছে ভেলাঘৰ ৷

Goalpara magh bihu preparation

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰাবাসীয়েও ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাৰ বাবে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত সাজি উলিওৱা হৈছে আটকধুনীয়া ভেলাঘৰ আৰু মেজি ৷ এইবেলি গোৱালপাৰা জিলাৰ জিৰা অঞ্চলৰ থিৰাং-নোৱাপাৰা গাঁওবাসীয়ে সাজি উলিয়াইছে এহাল চিলনী আৰু তিনিটাকৈ পোৱালীৰ এক প্ৰাকৃতিক দৃশ্য । 'গছ থাকিলেহে মানুহ থাকিব' বুলি সমাজত এক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যৰে গাঁওবাসীয়ে প্ৰাকৃতিক দৃশ্যৰ আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰটো ৷ যি দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

অন্য এক খবৰৰ বাবে : শুকুৰবাৰে নিয়া আদালতত হাজিৰ অখিল গগৈক

উল্লেখ্য যে, অবাধ গতিত বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে ভয়াৱহ ভাবে বৃদ্ধি পাইছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত ৷ বনাঞ্চল ধ্বংস ৰোধ কৰাৰ বাবে গাঁওবাসীয়ে সমাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে ভেলাঘৰৰ ৰূপত সাজি উলিয়াইছে এই প্ৰাকৃতিক দৃশ্য ৷ অঞ্চলবাসীয়ে ভেলাঘৰটো সম্পূৰ্ণৰূপে নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰিছে ৷

ABOUT THE AUTHOR

...view details