অসম

assam

ETV Bharat / state

নাই পথ, আছে নাও - লক্ষীপুৰ

গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অধীনস্থ গুৰিয়া ঢাপ গাঁও পঞ্চায়তৰ বৰোমাৰু গাঁৱৰ ৰাইজে আশা কৰি আছে এটা পথৰ অপেক্ষাত

নাই পথ, আছে নাও

By

Published : Aug 9, 2019, 3:05 PM IST

পশ্চিম গোৱালপাৰা, 09 আগষ্টঃ গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অধীনস্থ গুৰিয়া ঢাপ গাঁও পঞ্চায়তৰ বৰোমাৰু গাঁৱত এতিয়াও আগুৰি আছে পানীয়ে । বাৰিষা আহিলেই দ্বীপত পৰিণত হোৱা গাঁও খনৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ যাতায়তৰ একমাত্ৰ মাধ্যম হ'ল নাও বা কলৰ ভূঁৰ । আনহাতে খৰালি পানী শুকাই যোৱাৰ পিছত পথাৰৰ মাজেৰে যাত্ৰা কৰিব লাগে গাঁৱৰ ৰাইজে ৷ উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি গাঁওবাসীয়ে যাতায়তৰ বাবে পথৰ দাবী কৰি অহা স্বত্বেও আজিলৈকে গাঁওবাসীৰ এই দাবী পূৰ নহ'ল ৷ তাৰ পাছতো বৰোমাৰুবাসীয়ে এতিয়াও পথটোৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্ব লাভৰ বাবে অপেক্ষা কৰি আছে ৷

নাই পথ, আছে নাও

ABOUT THE AUTHOR

...view details