অসম

assam

ETV Bharat / state

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত লাডেন বশ - বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত লাডেন বশ

উন্মত্ত লাডেনক বশ কৰাৰ অভিযানত সফল চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ বিধায়কগৰাকীৰ নেতৃত্বত গোৱালপাৰা জিলাৰ বনবিভাগে বশ কৰে হাতীটোক

গোৱালপাৰা

By

Published : Nov 11, 2019, 9:18 PM IST

গোৱালপাৰা, 11 নৱেম্বৰ:অৱশেষতট্রাংকুলাইজ কৰা হ'ল লাডেনক ৷ চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গোৱালপাৰা জিলাৰ বনবিভাগেট্রাংকুলাইজ কৰে লাডেন নামৰ বন্যহস্তীটোক ৷ চলিত বৰ্ষৰ ২৯ অক্টোবৰত ৫ জনকৈ লোকক প্ৰাণে মৰা পিচত লাডেনৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছিল গোৱালপাৰাবাসীয়ে ৷

লাডেন বশ

অৱশেষত বিধায়ক পদ্ম হাজৰিকাৰ ৰামু নামৰ হাতীটোৰ সহযোগত সোমবাৰে পুৱাবেলা জিলাখনৰ কণ্যাকুচি বনাঞ্চলত এক অভিযান আৰম্ভ কৰে বন বিভাগে। অভিযানৰ প্ৰায় এঘণ্টাৰ ভিতৰতে লাডেনক বশ কৰিবলৈ সক্ষম হয় বন বিভাগ। কিন্তু লাডেনক কোনখন বনাঞ্চলত ৰখা হ'ব সেই বিষয়ত এই পৰ্যন্ত কোনো তথ্য দিয়া নাই বন বিভাগে ৷

ABOUT THE AUTHOR

...view details