অসম

assam

ETV Bharat / state

অসমত নাই উদ্যোগৰ ভৱিষ্যতঃ ধ্বংসস্তূপত পৰিণত কহিনুৰ পাল্প এণ্ড পেপাৰ মিল - কহিনুৰ পালপ এণ্ড পেপাৰ মিল বাতৰি

২০১১ চনৰ ২৩ ফেব্ৰুৱাৰীত তদানীন্তন শক্তি মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ প্ৰায় ২২ হেক্টৰ মাটিত ১,৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হৈছিল মিলটো ৷ বছৰি দুই লাখ মেট্ৰিক টন ৰাইটিং আৰু প্ৰিন্টিং পেপাৰ উৎপাদনৰ লক্ষ্যৰে স্থাপন কৰা প্ৰকল্পটোত ১,১০০ জন লোক প্ৰত্যক্ষভাবে আৰু ৫০,০০০ জন লোকক পৰোক্ষভাবে সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল ৷

Goalpara Kohinoor Paper Mill
ধ্বংসস্তূপত পৰিণত কহিনুৰ পালপ এণ্ড পেপাৰ মিল

By

Published : Feb 13, 2020, 7:14 AM IST

গোৱালপাৰা, 11 ফেব্ৰুৱাৰীঃ অসমত নাই উদ্যোগৰ ভৱিষ্যত ৷ এই কথাকেই পুনৰ প্ৰতিপন্ন কৰিলে ধ্বংস স্তূপত পৰিণত হোৱা কহিনুৰ পালপ এণ্ড পেপাৰ মিলে ৷ গোৱালপাৰা জিলাৰ নিবনুৱা সমস্যা আৰু স্থানীয় অৰ্থনীতি সৱল কৰাৰ লক্ষ্যৰে গোৱালপাৰাৰ মৰনৈ-মাটিয়াত নিৰ্মাণ কৰা হৈছিল পেপাৰ মিলটো ৷ কিন্তু গোৱালপাৰাবাসী ৰাইজৰ সপোন ধূলিস্যাৎ কৰি গোপনে দেউলিয়া ঘোষণা কৰা হ’ল মিলকটোক ৷

উল্লেখ্য যে, ২০১১ চনৰ ২৩ ফেব্ৰুৱাৰীত তদানীন্তন শক্তি মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ প্ৰায় ২২ হেক্টৰ মাটিত ১,৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হৈছিল মিলটো ৷ বছৰি দুই লাখ মেট্ৰিক টন ৰাইটিং আৰু প্ৰিন্টিং পেপাৰ উৎপাদনৰ লক্ষ্যৰে স্থাপন কৰা প্ৰকল্পটোত ১,১০০ জন লোক প্ৰত্যক্ষভাবে আৰু ৫০,০০০ জন লোকক পৰোক্ষভাবে সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল ৷ কিন্তু সময়ৰ সোঁতত এই সকলো প্ৰতিশ্ৰুতিয়েই ফুটুকাৰ ফেনত পৰিণত হ’ল ৷

সম্প্ৰতি দুগৰাকী বিষয়া, ১২ জন হোমগাৰ্ড, এজন হোমগাৰ্ড ইনচার্জ আৰু ৫ জন সুৰক্ষা কৰ্মী কৰ্তব্যৰত হৈ আছে কাগজ কলটোত ৷ সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ মিলটোৰ ভিতৰচৰাৰ কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ অভিযোগ অনুসৰি কহিনুৰ গ্ৰুপে কেৱল ৰাজকোষৰ ধন লুণ্ঠনৰ উদ্দেশ্যেৰেই কলটো নিৰ্মান কৰিছিল ৷ উদ্যোগ প্ৰতিষ্ঠানটোৱে বৃহৎ বৃহৎ যন্ত্ৰপাতি আনি সেয়া সংশ্লিষ্ট কৰ্তৃপক্ষৰ আগত প্ৰদৰ্শন কৰিছিল । কিন্তু প্ৰকৃতাৰ্থত ইয়াৰে অধিকাংশ যন্ত্ৰপাতিয়েই আছিল বিকল আৰু পুৰণি, অকামিলা ৷

কহিনুৰ পালপ এণ্ড পেপাৰ মিল

স্থানীয় ৰাইজৰ দাবী কহিনুৰ পাল্প এণ্ড পেপাৰ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে এক উচ্চ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসম চৰকাৰে ৷ ৰাজ্যখনলৈ উদ্যোগ অনাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে 'এডভান্টাজ অসম'ৰ নামত ব্যাপক তৎপৰতা গ্ৰহণ কৰা সময়তে ১,৫০০ কোটিটকীয়া এক উদ্যোগ আৰম্ভ হোৱাৰ পূৰ্বেই দেউলীয়া ঘোষণা হোৱা ঘটনাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া অৱশ্যেই লক্ষণীয় বিষয় হ’ব ৷

ABOUT THE AUTHOR

...view details