নিউজ ডেস্ক,১৬মে' : পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অধীনস্থ গৌৰ নগৰত মুকলিকৈ চলিছে তীৰ আৰু এণ্ডিঙৰ মুকলি বেহা । আৰক্ষীৰ চকুৰ সন্মুখতে চলিছে এই বেহা । স্থানীয় ৰাইজে বাৰে-বাৰে আৰক্ষীক অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ১৪ মে' ত গোৱালপাৰা জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে অঞ্চলবাসীয়ে ।
পশ্চিম গোৱালপাৰাৰ গৌৰ নগৰত তীৰ আৰু এণ্ডিঙৰ মুকলি বেহা
পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অধীনস্থ গৌৰ নগৰত মুকলিকৈ চলিছে তীৰ আৰু এণ্ডিঙৰ মুকলি বেহা, ১৪ মে' ত গোৱালপাৰা জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে অঞ্চলবাসীয়ে ৷
গৌৰ নগৰত তীৰ এণ্ডিঙৰ মুকলি বেহা
উল্লেখযোগ্য যে, গোৱালপাৰাত পুৱাৰ পৰাই আৰম্ভ হয় এই তীৰ আৰু এণ্ডিঙৰ মুকলি বজাৰ । আনকি বহু ছাত্ৰ আকৰ্ষিত হৈ পৰিছে এই খেলৰ প্ৰতি । ছাত্ৰসকলৰ এই আকৰ্ষণে অঞ্চলবাসীক চিন্তিত কৰি তুলিছে । যাৰ বাবে স্থানীয় ৰাইজে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰে ।